গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ প্ৰৱেশিকা পৰীক্ষা আৰম্ভ
গুৱাহাটী, জুলাই ৮, ২০২৬ : উচ্চ শিক্ষাৰ নতুন সপোন বুকুত লৈ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ সমাগমৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় তথা ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা A+ স্বীকৃতিপ্ৰাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ত বুধবাৰৰ পৰা ২০২৬ বৰ্ষৰ স্নাতকোত্তৰ মহলাৰ প্ৰৱেশিকা পৰীক্ষা আৰম্ভ হয়।
উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বিভিন্ন প্ৰান্তৰ ওঠৰটা পৰীক্ষা কেন্দ্ৰত সৰ্বমুঠ ৯,৯১৪ শিক্ষাৰ্থীৰ ৮,১২০ শিক্ষাৰ্থীয়ে পৰম্পৰাগত (Traditional) পাঠ্যক্ৰমত আৰু ১,৭৯৪ জন শিক্ষাৰ্থীয়ে আন্তঃবিষয়ক (Interdisciplinary) পাঠ্যক্ৰমৰ বিষয়ৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে শিক্ষাৰ্থীসকলক উদ্দেশ্যি উল্লেখ কৰে যে, "প্ৰতিটো প্ৰৱেশিকা পৰীক্ষাই কেৱল এক পৰীক্ষা নহয়, ই শিক্ষাৰ্থীৰ জীৱনত নতুন আশা, নতুন লক্ষ্য আৰু নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ এক গুৰুত্বপূৰ্ণ ক্ষণ। গুৱাহাটী বিশ্ববিদ্যালয়ে সদায় গুণগত শিক্ষা, উৎকৃষ্ট গৱেষণা আৰু মেধাভিত্তিক শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আজিৰ এই যাত্ৰাই আগন্তুক দিনত সমাজ আৰু দেশৰ বাবে দায়িত্বশীল, দক্ষ আৰু মানৱীয় মূল্যবোধসম্পন্ন নাগৰিক গঢ়ি তোলাত অৰিহণা যোগাব বুলি আমি বিশ্বাসী। সকলো পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।"
বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড⁰ ৰঞ্জন কুমাৰ কাকতিয়ে শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰি কয় যে,"পৰীক্ষা সুকলমে আৰু স্বচ্ছতাৰে সম্পন্ন কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলৰ সুবিধা, সুৰক্ষা আৰু শৃংখলাবদ্ধ পৰিৱেশ নিশ্চিত কৰিবলৈ শিক্ষক, বিষয়া-কৰ্মচাৰী, স্বেচ্ছাসেৱক আৰু সংশ্লিষ্ট সকলো পক্ষই নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি আছে। সকলোৰে সহযোগিতাত স্নাতকোত্তৰ মহলাৰ প্ৰৱেশিকা পৰীক্ষা সফলভাৱে সম্পন্ন হ'ব বুলি আমি আশাবাদী।"
উচ্চ শিক্ষাৰ নতুন দিগন্তৰ সন্ধানত আগবাঢ়ি যোৱা প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ সফলতা আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰি গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই তেওঁলোকৰ সপোন পূৰণৰ এই যাত্ৰা আত্মবিশ্বাস আৰু সাফল্যেৰে পৰিপূৰ্ণ হোৱাৰ আশা ব্যক্ত কৰিছে।


No comments