আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থ বিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশন আৰম্ভ
গুৱাহাটী , ৯ জুলাই : গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ আই এ এছ এছ টিত আজিৰে পৰা তিনিদিনীয়া কার্যসূচীৰে প্লাজমা ছায়েন্স ছ'চাইটি অৱ ইণ্ডিয়া ( পি এছ এছ আই) ৰ ভাৰতবৰ্ষৰ প্লাজমা পদার্থ বিজ্ঞান গৱেষকৰ দ্বাদশ সংখ্যক অধিৱেশনখন আৰম্ভ হৈছে ।
পি এছ এছ আইৰ উদ্যোগত আৰু আই এ এছ এছ টিৰ সহযোগত আয়োজিত অধিবেশনখন আই এ এছ টি টিৰ নবনিৰ্মিত ছাত্ৰীনিবাসৰ সভাগৃহত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়। উল্লেখ্য যে তিনিদিনীয়া অধিৱেশনৰ মূল উদ্দেশ্য হৈছে প্লাজমা পদার্থ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত কাম তথা অধ্যয়ন কৰি থকা স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু পোষ্ট-ডক্টৰেল ফেল'সকলৰ বাবে এক বিশেষ মঞ্চ সৃষ্টি কৰা।
আনহাতে এই উপলক্ষে আয়োজিত উদ্ধোধনী অনুষ্ঠানত উপস্থিত অতিথি, গৱেষক, বক্তা , প্ৰতিনিধি , অংশগ্ৰহণকাৰী সকলোকে আদৰণি জনায় আই এ.এছ এছ টিৰ ভাৰপ্ৰাপ্ত সঞ্চালক অধ্যাপক দেৱাশীষ চৌধুৰীয়ে । অধিৱেশনত যুৱ গৱেষকসকলৰ মৌখিক আৰু পোষ্টাৰ উপস্থাপনৰ লগতে বিশিষ্ট প্লাজমা বিজ্ঞানীসকলৰ মুখ্য বক্তৃতাৰো আয়োজন কৰা হৈছে। বক্তাসকলৰ ভিতৰত আছে অধ্যাপক ৰবীন্দ্ৰনাথ পাল, অধ্যাপক ডি এছ. পাটিল, অধ্যাপক অমিতা দাস, অধ্যাপক নিখিল চক্ৰৱৰ্তী আৰু পি এছ এছ আইৰ সভাপতি অধ্যাপক ৰাম প্ৰকাশৰ লগতে আন বহু বিশিষ্ট বিশেষজ্ঞ । বৈজ্ঞানিক অধিৱেশনসমূহত মৌলিক প্লাজমা পদাৰ্থবিজ্ঞান, শক্তি, পৰিৱেশ আৰু স্বাস্থ্যক্ষেত্ৰত প্লাজমাৰ প্ৰয়োগ, পদাৰ্থ প্ৰক্ৰিয়াকৰণ, ডায়াগনষ্টিক্স, লেজাৰ প্লাজমা, পাৰমাণৱিক সংযোজন (Nuclear Fusion), ঔদ্যোগিক প্লাজমা প্ৰয়োগ আৰু মহাকাশ প্লাজমাৰ দৰে উদীয়মান বিষয়সমূহ সামৰি লোৱা হৈছে।
এই কলোকিয়ামৰ জৰিয়তে যুৱ গৱেষক আৰু বিশেষজ্ঞসকলৰ মাজত বৈজ্ঞানিক মত-বিনিময়, জ্ঞানৰ আদান-প্ৰদান আৰু গৱেষণামূলক সহযোগিতা অধিক সুদৃঢ় হোৱাৰ লগতে দেশত প্লাজমা বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশত ইতিবাচক অৰিহণা আগবঢ়াব বুলি আশা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে অধিবেশন অসমৰ ৩০ জনকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০০ জন প্লাজমা বিজ্ঞানৰ গৱেষক শিক্ষাৰ্থী আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছে।

No comments