নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা গাড়ীগাঁৱৰ চাহিম শ্বাহক সম্বৰ্ধনা
গুৱাহাটী , ২৬ জুলাই : সদ্যঘোষিত নীট পৰীক্ষাত ৯৭.৫৫ (মুঠ নম্বৰ ৫৩৭) শতাংশ নম্বৰ লাভ কৰি গুৱাহাটীৰ ১ নম্বৰ ৱাৰ্ডলৈ গৌৰৱ কঢ়িয়াই আনিছে গাড়ীগাঁও গাঁওবুঢ়াপাৰা নিবাসী মনোৱাৰ আলী আৰু চাহিদা বেগমৰ একমাত্ৰ পুত্ৰ চাহিম শ্বাহে। ছাত্ৰজনৰ এই ফলাফলে অঞ্চলবাসীক গৌৰৱান্বিত কৰিছে। যাৰ বাবে ২৪ জুলাইৰ দিনা সন্ধিয়া ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সী , বিজেপি দলৰ সংখ্যালঘু মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি চিৰাজুল হক , বিশ্ববিদ্যালয় মণ্ডল সংখ্যালঘু মৰ্চাৰ উপ সভাপতি জয়নুল হক, বুথ কমিটীৰ মীনা য়াছমিন , ৰেজিয়া বেগম , চাহপিন বেগমকে ধৰি কেবাজনো কৰ্মকৰ্তাই মেধাৱী ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰগৰাকীক সম্বর্ধনা আৰু অভিনন্দন জনায় উজ্বল শৈক্ষিক ভৱিষ্যত কামনা কৰে।

No comments