কামৰূপ মহানগৰ জিলাই HPV টিকাকৰণত ১০০.৯ শতাংশ কভাৰেজ অৰ্জন কৰিলে
গুৱাহাটী, ২০ জুন, ২০২৬: ১২,৫৩৯ গৰাকী কিশোৰীৰ লক্ষ্যৰ বিপৰীতে ১২,৬৫৫ গৰাকী কিশোৰীক টিকাকৰণ কৰি Human Papillomavirus (HPV) Vaccination Programme-ৰ অধীনত লক্ষ্য অতিক্ৰম কৰা অসমৰ প্ৰথম জিলা হিচাপে কামৰূপ মহানগৰৰ সাফল্য
জৰায়ুৰ মুখৰ কেন্সাৰৰ বিৰুদ্ধে সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাই Human Papillomavirus (HPV) Vaccination Programme-ৰ অধীনত নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে ১০০.৯ শতাংশ কভাৰেজ অৰ্জন কৰা অসমৰ ভিতৰত প্ৰথম জিলা হিচাপে পৰিগণিত হৈছে।
ভাৰত চৰকাৰৰ Universal Immunization Programme (UIP)-ৰ অধীনত ৰূপায়িত এই কাৰ্যসূচী ১৫ মাৰ্চ, ২০২৬ তাৰিখে অসমৰ অন্যান্য জিলাৰ লগতে কামৰূপ মহানগৰ জিলাতো আৰম্ভ কৰা হৈছিল। ৰাষ্ট্ৰীয় নিৰ্দেশনা অনুসৰি এই টিকাকৰণ কাৰ্যসূচী তিনিমহীয়া বিশেষ অভিযান হিচাপে পৰিচালনা কৰা হয়।
জিলাখনৰ Cold Chain Point থকা সকলো স্বাস্থ্য কেন্দ্ৰত সংশ্লিষ্ট চিকিৎসা বিষয়াসকলৰ তদাৰকীত টিকাকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ অধীনত ১৪ বছৰীয়া কিশোৰীসকলক Gardasil-4 HPV Vaccine-ৰ একমাত্ৰ ড’জ বিনামূলীয়াকৈ প্ৰদান কৰা হয়, যিয়ে জৰায়ুৰ মুখৰ কেন্সাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে।
জিলাখনত ১২,৫৩৯ গৰাকী কিশোৰীৰ লক্ষ্যৰ বিপৰীতে ১২,৬৫৫ গৰাকী কিশোৰীক টিকা প্ৰদান কৰা হয়, যাৰ ফলত মুঠ ১০০.৯ শতাংশ কভাৰেজ অৰ্জন কৰা সম্ভৱ হয়।
এই সাফল্য কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল আৰু জিলা উন্নয়ন আয়ুক্ত পৰিজাত ভূঞাৰ নেতৃত্বত সম্ভৱপৰ হৈছে। লগতে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ দায়িত্বত থকা ডাঃ নাৰায়ণ দত্ত শৰ্মা, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞা, জিলা প্ৰতিষেধক বিষয়া ডাঃ ভবেন্দ্ৰ কুমাৰ দাস, আৰু HPV টিকাকৰণ অভিযানৰ জিলা ন’ডেল বিষয়া ডাঃ মুকুতা মেধিৰ প্ৰচেষ্টাই এই সফলতা অৰ্জনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
কাৰ্যসূচীৰ সময়ছোৱাত টিকাকৰণ-সম্পৰ্কীয় তথ্যসমূহ নিয়মিতভাৱে U-WIN Portal-ত নথিভুক্ত কৰা হয়।


No comments