Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত ‘CLEAR’ গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ


গুৱাহাটী, জুন ২৫, ২০২৬: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত (Centre for Brahmaputra Studies) বৃহস্পতিবাৰে CLEAR (Climate Change Education for Action and Resilience) শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু বহনক্ষম উন্নয়ন সম্পৰ্কে যুৱ প্ৰজন্মৰ মাজত সচেতনতা, জ্ঞান আৰু নেতৃত্বৰ মানসিকতা বিকাশৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াৰ নেতৃত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু অন্য শিক্ষানুষ্ঠানৰ প্ৰায় ২৫০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। সম্পূৰ্ণ অনলাইন মাধ্যমত অনুষ্ঠিত এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কে এক বিস্তৃত আৰু আন্তঃবিষয়ক জ্ঞান আহৰণৰ সুযোগ প্ৰদান কৰিব।

উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত জলবায়ু পৰিৱৰ্তন, দুৰ্যোগ ব্যৱস্থাপনা, নদী অৱবাহিকা ব্যৱস্থাপনা, পৰিৱেশগত বহনক্ষমতা, জলবায়ু আৰু সামুদায়িক স্থিতিস্থাপকতা আদি বিষয়ৰ ওপৰত বিশেষজ্ঞসকলৰ বক্তৃতা, আলোচনা আৰু পাৰস্পৰিক মত-বিনিময় অনুষ্ঠিত হ’ব। শিক্ষাখণ্ড, চৰকাৰী সংস্থা, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, পৰিৱেশ সংগঠন, সংবাদ মাধ্যম আৰু উন্নয়নমূলক প্ৰতিষ্ঠানৰ বিশিষ্ট বিশেষজ্ঞসকলে এই কাৰ্যসূচীত সমল ব্যক্তিৰূপে উপস্থিত থাকিব। 

উক্ত মাহজোৰা প্ৰশিক্ষণত ব্যৱহাৰিক কাৰ্যকলাপ আৰু ক্ষেত্ৰভিত্তিক দায়িত্ব অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে বাস্তৱ জীৱনৰ পৰিৱেশ আৰু উন্নয়নজনিত প্ৰত্যাহ্বানসমূহৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব।

উদ্বোধনী অনুষ্ঠানত শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰি অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াই উল্লেখ কৰে যে, “জলবায়ু পৰিৱৰ্তন এতিয়া কেৱল ভৱিষ্যতৰ এক আশংকা নহয়, ই বৰ্তমান সময়ৰ এক কঠোৰ বাস্তৱতা। বিশেষকৈ ব্ৰহ্মপুত্ৰ অৱবাহিকা আৰু উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ প্ৰভাৱ স্পষ্টভাৱে অনুভূত হৈছে। ইয়াৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলক জ্ঞান, অভিজ্ঞতা আৰু ব্যৱহাৰিক দক্ষতাৰে সমৃদ্ধ কৰি সমাজ আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। আশা কৰিছোঁ, CLEAR ত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলে ভৱিষ্যতে সমাজত একো একোজন পৰিৱৰ্তনৰ বাহক হৈ পৰিৱেশৰ বাবে কাম কৰি যাব।"

তেওঁ লগতে উল্লেখ কৰে যে এই কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০-ৰ বহুমুখী শিক্ষণ, অভিজ্ঞতাভিত্তিক শিক্ষা আৰু দক্ষতা বিকাশৰ লক্ষ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ। CLEAR ৰ জৰিয়তে পাঁচ বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম তথা মহাবিদ্যালয় সমূহত চলি থকা  চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে লাভান্বিত হ'ব বুলি আশা কৰা হৈছে। MOOC পাঠ্যক্ৰমৰ ভিত্তিত উক্ত প্ৰশিক্ষণৰ কাৰ্যসূচী প্ৰস্তুত কৰে হৈছে। 

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চল পৰিষদ (NEC)-ৰ সহায়ত স্থাপিত ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰই ব্ৰহ্মপুত্ৰ নদীৰ  অৱবাহিকাক কেন্দ্ৰ কৰি গৱেষণা, নীতি-আলোচনা আৰু সমাজমুখী কাৰ্যকলাপ আগবঢ়াই আহিছে। জলবায়ু স্থিতিস্থাপকতা, দুৰ্যোগ বিপদাশংকা হ্ৰাস, জীৱবৈচিত্ৰ্য সংৰক্ষণ, থলুৱা জ্ঞান ব্যৱস্থা আৰু বহনক্ষম উন্নয়ন আদি বিষয়ত কেন্দ্ৰটোৱে বিশেষ গুৰুত্ব প্ৰদান কৰি সক্ৰিয়ভাৱে কাম কৰি আহিছে।

উক্ত উদ্বোধনী কাৰ্যসূচীত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ড⁰ ভাৰতী ভৰালী, নৃতত্ব বিভাগৰ ড⁰ নৱজিত কুমাৰ দাস, ভূগোল বিজ্ঞান বিভাগৰ ড⁰ ধনজিত দাস, প্ৰাণী বিজ্ঞান বিভাগৰ ড⁰ কুলদীপ শৰ্মা সমন্বিতে অন্য ব্যক্তিসকল উপস্থিত থাকে। 

CLEAR কাৰ্যসূচীৰ আৰম্ভণিয়ে ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ শিক্ষা, গৱেষণা, নীতি-সংলাপ আৰু সমাজ সচেতনতাৰ  ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব। এই পদক্ষেপে ভৱিষ্যতে পৰিৱেশ-সচেতন, সমাজমুখী আৰু দায়িত্বশীল যুৱ নেতৃত্ব গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

No comments

Powered by Blogger.