Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালাৰ সামৰণি


গুৱাহাটী , ২৪ জুন : ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ হিমাচল প্ৰদেশৰ চোলানস্থিত ( আই চি এ আৰ) কাঠফুলা গৱেষণা সঞ্চালকালয়ৰ অধীনৰ অল ইণ্ডিয়া কোঅর্ডিনেটেড ৰিচাৰ্ছ প্ৰজেক্ট অন মাছৰুম ( এ আই চি আৰ পি - এম ) ৰ সৌজন্যত  আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাস্থিত  অসম পশু চিকিৎসা আৰু মৎস বিজ্ঞান বিশ্ববিদ্যাল়য় চৌহদত ২৩ জুনৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত  ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাঠফুলা গৱেষণা বিষয়ক আলোচনা চক্ৰ আৰু কৰ্মশালাৰ  আজি সন্ধিয়া সামৰণি পৰে । 

২৩ জুনত পুৱা  ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ পাছত বন্তি প্ৰজ্বলনৰে আলোচনা চক্ৰখনৰ শুভাৰম্ভ কৰা হয়। আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা বিভাগৰ সঞ্চালক ডঃ সঞ্জয় কুমাৰ চেতিয়াই আদৰণি ভাষণ প্ৰদান কৰি কয় যে  উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই বিশেষ বাৰ্ষিক কৰ্মশালাখন আয়োজন কৰা হৈছে আৰু ইয়াৰ বাবে আই চি এ আৰ নতুন দিল্লী ধন্যবাদৰ পাত্ৰ।  অনুষ্ঠানত  অসম  পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  ডঃ নিৰঞ্জন কলিতাই বিশেষ অতিথি হিচাপে ভাগ লৈ কয় যে আমাৰ ৰাজ্যৰ বহু কৃষকে বৰ্তমান কাঠফুলা খেতিক জীৱিকা নিৰ্বাহৰ এক লাভজনক উপায় হিচাপে গ্ৰহণ কৰিছে আৰু এনে কৰ্মশালা আয়োজন কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লৈছো।  অনুষ্ঠানত  হিমাচল প্ৰদেশৰ ছলানৰ আই চি এ আৰ -কাঠফুলা গৱেষণা সঞ্চালকালয়ৰ  সঞ্চালক ডঃ বি এল আত্ৰীয়ে ভাগ লৈ সৰ্বভাৰতীয় সমন্বিত কাঠফুলা গৱেষণা প্ৰকল্পৰ অগ্ৰগতি আৰু সাফল্যসমূহৰ ওপৰত আলোকপাত কৰে ।  

অনুষ্ঠানত অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগৰ সঞ্চালক নৃপেন চন্দ্ৰ দাসে ভাগ লৈ কয় যে  যোৱা কেই বছৰত কাঠফুলাৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পালেও কাঠফুলাৰ বীজৰ উপলভ্যতা এতিয়াও এক প্ৰধান সমস্যা হিচাপে দেখা দি আছে। বৰ্তমান অধিকাংশ বীজ পশ্চিমবংগৰ পৰা সংগ্ৰহ কৰিবলগীয়া হয়। সেয়েহে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ বিভিন্ন স্থানত কাঠফুলাৰ বীজৰ উৎপাদন কেন্দ্ৰ স্থাপনৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে। অনুষ্ঠানত আই চি এ আৰ নতুন দিল্লীৰ অতিৰিক্ত  সঞ্চালক প্ৰধান ডঃ সুধাকৰ পাণ্ডে য়ে ভাগ লৈ কয় যে এই গৱেষণা গোটটোৱে বিভিন্ন প্ৰকাৰৰ কাঠফুলাৰ বাবে মানদণ্ড ভিত্তিক উৎপাদন প্ৰট'কল প্ৰস্তুত কৰিছে।  তেনেদৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ  দীপজ্যোতি ৰাজখোৱাই ভাগ লৈ কয় যে  উত্তৰ-পূৰ্বাঞ্চলত ৭০০ তকৈও অধিক প্ৰজাতিৰ কাঠফুলা পোৱা যায় । যাৰ ভিতৰত প্ৰায় ৩৪০ বিধ প্ৰজাতি কেৱল অসমতেই উপলব্ধ।

 কাঠফুলাৰ সংৰক্ষণকাল অতি কম, সাধাৰণতে মাত্ৰ কেইদিনমানহে স্থায়ী হয়।  উল্লেখ্য যে উদ্ধোধনী অনুষ্ঠানত কাঠফুলা গৱেষণা কেন্দ্ৰ সমূহৰ পৰা প্ৰকাশিত কেবাখনো বৈজ্ঞানিক পুস্তিকা উন্মোচন কৰা হয়। ইয়াৰ উপৰিও আলোচনা চক্ৰৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখন স্মৰণিকাও উন্মোচন কৰা হয়। আলোচনা চক্ৰ আৰু কৰ্মশালাৰ লগত সংগতি ৰাখি কাঠফুলাৰ এখন প্ৰদৰ্শনীও অনুষ্ঠিত হয় ।  

আনহাতে দুয়োদিনৰ আলোচনা চক্ৰ আৰু কৰ্মশালাত দেশৰ ২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৩০ টা কাঠফুলা  গৱেষণা কেন্দ্ৰৰ ৪০ গৰাকী বিজ্ঞানী আৰু প্ৰতিনিধি উপস্থিত থাকে ।  কৰ্মশালাৰ  লগত সংগতি ৰাখি দুয়োদিনতে  কেবাখনো গ্ৰুপ মিটিং অনুষ্ঠিত হয়। আজি দিনৰ ভাগত অসমৰ কাঠফুলা খেতিয়ক, বিজ্ঞানী আৰু ব্যৱসায়ীৰ মাজত এখন ত্ৰিপাক্ষিক মত - বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অসমৰ প্ৰখ্যাত কাঠফুলা খেতিয়ক তথা মাছৰূম ডেভলপমেণ্ট ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক প্ৰাঞ্জল বৰুৱাকে ধৰি  প্ৰায় ৪০ জন কাঠফুলা খেতিয়ক , ব্যৱসায়ী , উদ্যোগী উপস্থিত থাকে।

No comments

Powered by Blogger.