অগপৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ
গুৱাহাটী ,২০ জুন : অগপ দলৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত ফটাশিল আমবাৰী নৱযুগ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আজি বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰা হয়।
অনুষ্ঠানত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ ভাষণ প্ৰসংগত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই জাতিটোক মহীয়ান কৰা বিষ্ণু ৰাভাৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰে ।
আনহাতে মধ্য গুৱাহাটী বিধান পৰিষদৰ সভাপতি হেমেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী দ্বিজেন বৰ্মনক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সম্বৰ্ধনা জনায়। অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ দীপাংকৰ বৈশ্য আৰু বিজু মেধি, মধ্য গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ভূপেন ঠাকুৰীয়া, মইনুল হক চৌধুৰী,অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰী,উপ সভাপতি প্ৰণৱ দাস,মধ্য গুৱাহাটী মহিলা পৰিষদৰ সভানেত্ৰী গীতাৰাণী কলিতা, গীতা নেওগ,কমলা প্ৰধান,বাবু শৰ্মা,মহিলা পৰিষদৰ মহানগৰ সমিতিৰ কৰ্মকৰ্তা গীতা মণ্ডল, যুৱ পৰিষদৰ কৰ্মকৰ্তা ইন্দ্ৰজিৎ গোস্বামী, শেখৰ সিং,ভাৰ্গৱ শৰ্মা,লিটন ৰয়,ৰতন নাথ,সুনীল দাস,ৰীমা বেগম,আকাশ আলী, কৃষ্ণ বিশ্বাস,মধ্য গুৱাহাটী বিধান পৰিষদৰ বলেন কলিতা,নিপন কলিতা, ধনজিৎ ৰাজবংশী, সুমিত পলকে ধৰি অগপ দলৰ কেবাজনো কৰ্মকৰ্তা আৰু বহু বিশিষ্ট লোক উপস্থিত থাকে।

No comments