Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কামৰূপ মহানগৰত ৰাষ্ট্ৰীয় চিকল চেল দিৱস পালন


গুৱাহাটী , ১৯ জুন: সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজি ৰাষ্ট্ৰীয় চিকল চেল দিৱস পালন কৰা হয়। এই উপলক্ষে জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰত চিকল চেল ৰোগৰ পৰীক্ষণৰ লগতে প্ৰয়োজনীয় পৰামৰ্শদানৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। তদুপৰি, জনসাধাৰণৰ মাজত চিকল চেল ৰোগ সম্পৰ্কে সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে সজাগতা সভা অনুষ্ঠিত কৰা হয়। 

সজাগতামূলক কাৰ্যসূচীসমূহত আগতীয়া ৰোগ চিনাক্তকৰণ, সময়মতে চিকিৎসা গ্ৰহণ আৰু নিয়মীয়া স্বাস্থ্য পৰ্যবেক্ষণৰ গুৰুত্বৰ ওপৰত বিশেষ আলেকপাত কৰা হয়। লগতে চিকল চেল ৰোগৰ লক্ষণ, প্ৰতিৰোধ আৰু ব্যৱস্থাপনা সম্পৰ্কেও জনসাধাৰণক অৱগত কৰা হয়।

আয়োজিত কাৰ্যসূচীসমূহত স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, আশা কৰ্মী আৰু স্থানীয় জনসাধাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।



No comments

Powered by Blogger.