Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কামৰূপ মহানগৰ জিলাত ডায়েৰীয়া প্ৰতিৰোধ অভিযানৰ শুভাৰম্ভ



গুৱাহাটী, ১৬ জুন: সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজিৰ পৰা আৰম্ভ হৈছে ’ডায়েৰীয়া প্ৰতিৰোধ অভিযান’৷ ১৬ জুনৰ পৰা অহা ৩১ জুলাইলৈ চলিবলগীয়া এই কাৰ্যসূচী মহানগৰৰ খানাপাৰা ৰাজ্যিক আয়ুষ্মাণ আৰোগ্য মন্দিৰত শুভাৰম্ভ হয়। সমান্তৰালভাৱে জিলাৰ প্ৰতিটো স্বাস্থ‍্যকেন্দ্ৰত এই কাৰ্যসূচী আনুস্থানিকভাৱে আজি মুকলি কৰা হয়। 

বিশেষকৈ জুন জুলাই মাহত সৃষ্টি হ’ব পৰা ডায়েৰীয়াৰ পাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।কোনো শিশুয়েই যাতে ডায়েৰীয়াত মৃত্যুবৰণ কৰিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱক সকলক সজাগ কৰাৰ লগতে জিলাখনৰ অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্র-ছাত্রীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱা অভ্যাস আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ গুৰূত্ব সম্পৰ্কেও সজাগতা সৃষ্টি কৰা হ’ব৷ 

আজিৰ পৰা আৰম্ভ হোৱা ডায়েৰীয়া প্ৰতিৰোধ অভিযানত জিলাখনৰ ০-৫ বছৰ বয়সৰ সকলো শিশুকে সাঙুৰি লোৱা হ’ব আৰু শিশুসকলৰ মাজত অ আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰা হ’ব। জিলাখনৰ আশাকৰ্মী সকলে ঘৰে ঘৰে গৈ সজাগতা সৃষ্টি কৰাৰ লগতে অ আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰিব। 

শুভাৰম্ভণি অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক জিলা তথা খণ্ড ভিত্তিক বিষয়াসকল ৰ লগতে আৰোগ‍্য মন্দিৰৰ চিকিৎসক-নাৰ্চ তথা আন বিষয়বৱীয়াসকল উপস্থিত থাকে।


No comments

Powered by Blogger.