গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব বাইচাইকেল দিৱস উদযাপন:
গুৱাহাটী, ৩ জুনঃ বিশ্ব বাইচাইকেল দিৱস উপলক্ষে ৩ জুন তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ত ইচাফ ফাউণ্ডেচন আৰু গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ সহযোগত এক বাইচাইকেল ৰেলীৰ আয়োজন কৰে। এই ৰেলীৰ মূল উদ্দেশ্য হ’ল বহনক্ষম পৰিবহণ ব্যৱস্থা, পৰিৱেশ সংৰক্ষণ, সুস্থ জীৱনশৈলী আৰু সামাজিক অংশগ্ৰহণৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা। উক্ত ৰেলীত ছাত্ৰ-ছাত্ৰী, এন এছ এছ স্বেচ্ছাসেৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু গুৱাহাটীৰ বহু চাইকেল আৰোহীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে বাইচাইকেলক পৰিৱেশ-বান্ধৱ, সুলভ আৰু স্বাস্থ্যকৰ পৰিবহণৰ মাধ্যম হিচাপে জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলাৰ লগতে পৰিৱেশ-সচেতন জীৱনশৈলী গ্ৰহণৰ বাবে উৎসাহিত কৰাৰ প্ৰয়াস কৰা হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক প্ৰফেছৰ উৎপল শৰ্মাই আনুষ্ঠানিকভাৱে ৰেলীৰ পতাকা দেখুৱাই শুভাৰম্ভ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ড° ৰঞ্জন কুমাৰ কাকতি, অসম চাইকেল সন্থাৰ উপদেষ্টা কৌশিক গুহ আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি গুঞ্জন ডেকা, ইছাফ ফাওনদেচনৰ বৰষা বৰুৱা ।
অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি প্ৰফেছৰ উৎপল শৰ্মাই কয় যে বাইচাইকেল চলোৱাই কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লগতে জনস্বাস্থ্য উন্নত কৰে আৰু এক পৰিষ্কাৰ তথা সেউজীয়া পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ ইচাফ ফাউণ্ডেচন আৰু এন এছ এছ কোষৰ এই মহৎ উদ্যোগৰ শলাগ লয়।
ড° ৰঞ্জন কুমাৰ কাকতিয়ে বহনক্ষম উন্নয়ন সাধনত যুৱসমাজৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰি ছাত্ৰ-ছাত্ৰীসকলক দৈনন্দিন জীৱনত বাইচাইকেল ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে। তেওঁ উল্লেখ কৰে যে এই ধৰণৰ কাৰ্যসূচীয়ে এন এছ এছৰ দায়িত্বশীল নাগৰিক আৰু সমাজসেৱাৰ লক্ষ্যসমূহ বাস্তৱায়নত সহায় কৰে।
৭০ জনতকৈ অধিক অংশগ্ৰহণকাৰীৰ উপস্থিতিত অনুষ্ঠানটো সফলতাৰে সম্পন্ন হয়। অংশগ্ৰহণকাৰীসকলে পৰিৱেশ সংৰক্ষণ, শাৰীৰিক সুস্থতা আৰু দায়িত্বশীল পৰিবহণ ব্যৱস্থাৰ প্ৰতি নিজৰ অংগীকাৰ পুনৰ ব্যক্ত কৰে। অনুষ্ঠানৰ সফল সম্পাদনৰ বাবে আয়োজকসকলে সকলো অংশগ্ৰহণকাৰীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

No comments