Sunday, May 24, 2026

গুৱাহাটী বিশ্ববিদ্যালয়ত যৌতুক বিৰোধী সজাগতা অভিযান


গুৱাহাটী,২৪  মে' : গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ  ৰাষ্ট্ৰীয় সেৱা আঁচনি ( এন এছ এছ ) কোষৰ সহযোগত ২৩ মাৰ্চত   “যৌতুক বিৰোধী আন্দোলন : এক সজাগতা অভিযান”  শীৰ্ষক এখন ৱেবিনাৰ অনুষ্ঠিত হয় । এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল যৌতুক প্ৰথাৰ দৰে সামাজিক  কু-প্ৰথাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা আৰু ছাত্ৰ-ছাত্ৰী তথা সমাজৰ মাজত লিংগ সমতা আৰু সামাজিক ন্যায়বোধ প্ৰসাৰ কৰা। 

আনহাতে ৱেবিনাৰখন উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলাগুৰু  অধ্যাপক ডঃ কামালুদ্দিন  আহমেদে  ভাষণ প্ৰসংগত   সমাজৰ পৰা যৌতুক প্ৰথা নিৰ্মূল কৰাৰ ক্ষেত্ৰত সামাজিক দায়িত্ববোধ আৰু যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে ভাষণ প্ৰসংগত  উপস্থিত অতিথি আৰু অংশগ্ৰহণকাৰী, এন এছ এছৰ স্বেচ্ছাসেৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই  এখন যৌতুকমুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সজাগতা অভিযান আৰু শিক্ষামূলক কাৰ্যসূচীৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। 

কাৰ্যসূচীত  সমল  ব্যক্তি হিচাপে ভাগ লৈ ডঃ বিদুলা শৰ্মাই  "যৌতুক বিৰোধী আন্দোলন” বিষয়ত বিস্তৃত ভাষণ আগবঢ়ায়। তেওঁ যৌতুক প্ৰথাৰ সামাজিক, মানসিক আৰু আইনগত দিশসমূহ আলোচনা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক দায়িত্বশীল নাগৰিক আৰু সামাজিক পৰিবর্তনৰ দূত হিচাপে আগবাঢ়ি আহিবলৈ উৎসাহিত কৰে। ডঃ শশীপ্ৰভা দেৱীয়ে  কাৰ্যসূচী সমন্বয় কৰা  ৱেবিনাৰখনত   প্ৰায় ১০০ জন ছাত্ৰ-ছাত্ৰী, শিক্ষক, এন এছ এছৰ স্বেচ্ছাসেৱক আৰু বিশ্ববিদ্যালয়ৰ কেবাজনো  বিষয়াই অংশগ্ৰহণ কৰে।

No comments:

Post a Comment