Sunday, May 24, 2026

বাধ্যতামূলক হল স্মাৰ্ট ক্লাছ : ওৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত ডিজিটেল আৰু ইণ্টাৰনেট ভিত্তিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন


 

গুৱাহাটী , ২৪ মে : পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই  গুৱাহাটীৰ মালিগাওঁ বৰিপাৰাস্থিত ওৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজ কৰ্তৃপক্ষই ডিজিটেল আৰু ইণ্টাৰনেট ভিত্তিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সম্পৰ্কত বিশদ আলোচনা কৰাৰ বাবে কলেজৰ শৈক্ষিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ২২ মে'ত কলেজ পৰিচালনা সমিতিৰ সভাপতি ডঃ জ্যোতিষ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয়। বৈঠকত স্মাৰ্ট ক্লাছ, আই চি টি-ভিত্তিক শিক্ষাদান আৰু আধুনিক অনলাইন শিক্ষণ ব্যৱস্থাৰ জৰিয়তে শৈক্ষিক উৎকৰ্ষ, বৌদ্ধিক বিকাশ আৰু শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষাৰ পৰিৱেশ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। 

এক যৌথ বিবৃতিত পৰিচালনা সমিতিৰ সভাপতি ডঃ জ্যোতিষ গোস্বামী আৰু কলেজৰ অধ্যক্ষ ড° দ্বীপেন বেজবৰুৱাই শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্ভাৱনীমূলক ডিজিটেল শিক্ষণ পদ্ধতি আৰু ইণ্টাৰনেট ভিত্তিক শিক্ষণ ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সৈতে অধিক সক্ৰিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনায়। তেওঁলোকে জানিবলৈ দিয়ে যে চলিত শিক্ষাবৰ্ষৰ পৰা শিক্ষাদান প্ৰক্ৰিয়াৰ গুণগত মান উন্নীত কৰাৰ উদ্দেশ্যে প্ৰতিটো বিভাগৰ শৈক্ষিক ৰুটিনত অতিৰিক্ত আই চি টি আৰু স্মাৰ্ট ক্লাছ বাধ্যতামূলক কৰা হৈছে। লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিশেষ সজাগতা কৰ্মশালা আৰু পৰামৰ্শমূলক কাৰ্যসূচীও অনুষ্ঠিত কৰা হ’ব । 

 বৈঠকত SAMARTH পৰ্টেলযোগে অনলাইন নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা কৰা হয়। আবেদন শুধৰণি, নথিপত্ৰ আপলোড, বিষয় নিৰ্বাচন আদি ক্ষেত্ৰত সহায় আগবঢ়াবলৈ নামভৰ্তি কোষৰ তত্বাৱধায়িকা ডঃ ইভা দেৱীৰ তত্বাৱধানত শিক্ষক-কৰ্মচাৰীৰ সহযোগত এক বিশেষ Help Desk সক্ৰিয় কৰা হৈছে।

এই পদক্ষেপৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলৰ মাজত ডিজিটেল সজাগতা, দায়িত্ববোধ আৰু শিক্ষাৰ্থীমুখী শৈক্ষিক প্ৰশাসন গঢ়ি তোলা তথা উচ্চ শিক্ষাৰ বিকাশমান ডিজিটেল পৰিৱেশৰ সৈতে খাপ খুৱাই আগবাঢ়িবলৈ সহায় কৰা।

No comments:

Post a Comment