গুৱাহাটী, ২৩ মে' : গুৱাহাটীৰ পাৰ্শ্ববৰ্তী নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বৃহত্তৰ ৰাণীকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱৰ বাবে ৰাইজে নিশা উজাগৰে কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । বিগত এটা মাহত বৃহত্তৰ অঞ্চলটোত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় কমেও ১৫ টাতকৈ অধিক পৰিয়ালৰ থকা ঘৰ, ধানৰ ভঁৰাল, গোহালি ঘৰ, পাকঘৰৰ উপৰিও ঢেঁকীশাল পৰ্যন্ত ভাঙি পেলায়। আনকি বিগত ২২ আৰু ২৩ এপ্ৰিলত মেঘালয় সীমান্তবৰ্তী চল্লি গাঁৱৰ খেতিয়ক শিৱচৰণ ৰাভাৰ ঘৰত বনৰীয়া হাতীয়ে একেৰাহে দুটা নিশা উপদ্ৰৱ চলাই ধানৰ ভৰাল, গোহালি, পাকঘৰ ভাঙি লণ্ড ভণ্ড কৰিছিল ।
তেনেকুৱা কেবাটাও উদাহৰণ আছে য'ত হাতীয়ে এটা সপ্তাহৰ ভিতৰত দুবাৰকৈ আক্ৰমণ কৰিছে তিনি চাৰিটাকৈ পৰিয়ালক। ফলত হাতীৰ আক্ৰমণৰ আশংকাত স্বাভাবিকতে গাঁওবাসী উজাগৰি নিশা কটাবলগীয়া হৈছে। সম্প্ৰতি পৰিস্থিতি এনে পৰ্যায় পাইছে যে গাঁওবাসী ওলাই আহি হাই–উৰুমি কৰিলেও তাক এতিয়া কেৰেপ নকৰে হাতীয়ে । বনৰীয়া হাতীৰ দুই - চাৰিজনীয়া সৰু জাক বা অকলশৰীয়াকৈ থকা হাতীয়ে গৃহস্থৰ বাৰীত প্ৰৱেশ কৰি ইচ্ছামতে কল, তামোল খাই উপদ্ৰৱ চলোৱা আদি ঘটনা ৰাণী অঞ্চলত এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে। আনকি ৰাণীৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ তুলনামুলকভাবে কিছু ঘন জনবসতিবসতি পূৰ্ণ অঞ্চল হিচাপে তাঁতীবামা , নিৰলপুৰ আদিতো বনৰীয়া হাতীৰ জাক নিশা বিগত কেইটামান দিনত কেবাটাও পৰিয়ালৰ বেৰ ভাঙি ভঁৰালৰ ধান, পাকঘৰত চাউল বা আন সামগ্ৰী খাই ঘৰ লণ্ড - ভণ্ড কৰিছে।
অঞ্চলটোৰ সচেতন ৰাইজে অভিযোগ কৰা অনুসৰি বনৰীয়া হাতীৰ উপদ্ৰৱৰ পাৰা অঞ্চলটোৰ ৰাইজক ৰক্ষা কৰাৰ কাৰণে বন বিভাগে যিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সিমানখিনী কৰিব পৰা নাই । অৱশ্যে তাৰ মাজতো মহিলা হৈও ৰাণীৰ আঞ্চলিক বন বিষয়া ৰজী বৰ্মনে সীমিত সংখ্যক বনকৰ্মী লগত লৈ সাহসৰে নিশাৰ ভাগটো বনৰীয়া হাতীৰ তাণ্ডৱৰ সমস্যাটো মোকাবিলা কৰিবলৈ চেষ্টা কৰিছে যদিও সম্পূৰ্ণ সফল হব পৰা নাই । কিয়নো একে সময়তে কেবাটাও স্থানত বনৰীয়া হাতীয়ে এটাৰ পৰা আৰম্ভ কৰি কেবাটাও গোটত ভাগ ভাগ হৈ গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱা ঘটনাই বন বিভাগৰ সন্মুখত স্বাভাবিকতে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। যাৰ ফলত জাক জাক হাতীৰ সন্মুখত বনকৰ্মীসকল অসহায় হৈ পৰিবলগীয়া হৈছে। ইয়াৰ মাজতে যোৱা ১৯ মে'ত ৰাণীৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা দুই কিলোমিটাৰ নিলগৰ মাণিকপুৰত বন্যহস্তীয়ে প্ৰৱেশ কৰি অঞ্চলটোৰ সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান মাণিকপুৰ মিলিজুলি সংঘৰ কাৰ্যালয় গৃহটো ভাঙি পেলোৱা ঘটনাই ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সিদিনা পুৱতি নিশা তিনিটাকৈ বনৰীয়া হাতী গাঁওখনত প্ৰৱেশ কৰি খাদ্যৰ সন্ধানত প্ৰথমে মাণিকপুৰ মিলিজুলি সংঘৰ কাৰ্যালয় গৃহৰ পকীবেৰ এখন ভাঙি চূৰ্ণ–বিচূৰ্ণ কৰি দিয়ে। কিন্তু সংঘৰ কাৰ্যালয়ত কোনো খাদ্য সামগ্ৰী নোপোৱাত কাষৰীয়া মাণিকপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভঁৰাল ঘৰটোৰ বেৰ ভাঙিবলৈ চেষ্টা কৰে। বিদ্যালয়ৰ ভঁৰাল ঘৰটোত ছাত্ৰ–ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল, তেল, নিমখ আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী মজুত আছিল। কিন্তু হাতীয়ে বেৰ ভাঙিবলৈ চেষ্টা কৰি থকা সময়তে ওচৰ চুবুৰীয়াই ঘটনাটো জানিব পাৰে। লগে লগে ফটকা ফুটাই হাই–উৰুমি লগোৱাত হাতীকেইটা আঁতৰি যোৱাত বিদ্যালয়ৰ ভঁৰাল ঘৰটো অনিষ্ট সাধনৰ পৰা ৰক্ষা পৰে।
ইয়াৰ পাছত হাতীকেইটা আঁতৰি গৈ গাঁওখনৰ বিনয় দাসৰ চৌহদত প্ৰৱেশ কৰি কল, তামোল আদি অনিষ্ট কৰে। বিনয় দাসেও ওচৰ–চুবুৰীয়াৰ সহযোগত হাই–উৰুমি লগোৱাত হাতীকেইটা আঁতৰি যায়। এইবাৰ হাতীকেইটা মাণিকপুৰৰ কাষৰীয়া গাঁও পুৰাণ শুকুৰবৰীয়াত প্ৰৱেশ কৰে আৰু বিভিন্ন ঘৰৰ কল, তামোল আদি শস্য অনিষ্ট কৰি ওচৰতে থকা মেঘালয়ৰ পাহাৰৰ অৰণ্যত প্ৰৱেশ কৰে। সম্প্ৰতি ঠাই বিশেষে দিনৰ পোহৰত হাতীৰ মুক্ত বিচৰণৰ ফলত ৰাইজ আৰু অধিক শংকিত হোৱা পৰিলক্ষিত হৈছে।




No comments:
Post a Comment