নৱজ্যোতি সংঘ খেলপথাৰত দেউছটাল ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত চাফাই অভিযান
গুৱাহাটী , ১ মে : গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটাল ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত যোৱা ২৫ আৰু ২৬ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱজ্যোতি সংঘ খেলপথাৰত সফলতাৰে ৩৮ সংখ্যক ৰঙালী বিহু উদযাপন কৰা হয় ।
বিহুৰ লগত সংগতি ৰাখি বিভিন্ন থলুৱা খেল - ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ২৫ এপ্ৰিলত জনপ্ৰিয় কণ্ঠশিল্পী মাধৱজ্যোতি ৰাজখোৱা আৰু ২৬ এপ্ৰিলত জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰকে ধৰি বিহুৰ দুয়োদিনতে নিশাৰ সাংস্কৃতিক অনুষ্ঠানত কেবাজনো ন-পুৰণি শিল্পীয়ে গীত পৰিবেশন কৰি উপস্থিত কেবা হাজাৰ দৰ্শক - শ্ৰোতাক - আপ্লুত কৰে ।
ইফালে প্ৰতিকুল বতৰৰ মাজতো দুদিনীয়াকৈ বিহুৰ কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হোৱাৰ পাছত স্বাভাৱিকতে খেলপথাৰখনে কদৰ্যময় ৰূপ ধাৰণ কৰে । অৱশেষত ৩০ এপ্ৰিলত বিহু সন্মিলনীৰ উদ্যোগত এক বৃহৎ চাফাই অভিযান চলোৱা হয়।
সন্মিলনীৰ সভাপতি বিনন ৰংপী , কাৰ্যকৰী সভাপতি অশোক থাপা , সাধাৰণ সম্পাদক বীৰেশ্বৰ ৰংপী, বলেশ্বৰ ৰংপী আৰু বিজয় বড়ো , উপ সভাপতি সুশীল থাপা , টেক বাহাদুৰ লিম্বু , মৃদুল বড়ো আৰু দিগন্ত মেধি , সাংস্কৃতিক বিভাগৰ সঞ্জীৱ মেধি, জিতেন ৰংপী আৰু ৰাজীৱ লিম্বুকে ধৰি সন্মিলনীৰ কৰ্মকৰ্তা, সদস্য - সদস্যাসকলে হাতে হাতে ঝাৰু , কোৰ লৈ খেলপথাৰত থকা জাবৰ, যোথৰ, আৱৰ্জনাসমূহ চাফ - চিকুণ কৰি জ্বলাই দিয়ে।

No comments