Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অধ‍্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান ভাৰতৰ শতবৰ্ষীয় যাত্ৰা হৈছে শিক্ষা-ন্যায়-প্ৰযুক্তিৰ সমন্বয়েৰে এখন ন্যায়পূৰ্ণ আৰু ভৱিষ্যদৰ্শী ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰয়াসঃ বিশিষ্ট শিক্ষাবিদ প্ৰাধ‍্যাপক চি. ৰাজ কুমাৰ




গুৱাহাটী, ১ মে’: “ভাৰতবৰ্ষৰ স্বাধীনতাপ্ৰাপ্তিৰ বৰ্ণময় শতবৰ্ষীয় যাত্ৰা হৈছে শিক্ষা, ন্যায় আৰু প্ৰযুক্তিৰ সুষম সমন্বয়েৰে এখন ন্যায়পূৰ্ণ আৰু ভৱিষ্যদৰ্শী ৰাষ্ট্ৰ গঢ়াৰ এক নিৰন্তৰ প্ৰয়াস।” অধ‍্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ উদ‍্যোগত আৰু গুৱাহাটীস্থ ৰয়েল গ্ল’বেল বিশ্ববিদ‍্যালয়ৰ সহযোগত একাদশ সংখ‍্যক বাৰৰ বাবে আয়োজন কৰা অধ‍্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰি অ’ পি জিন্দাল গ্ল’বেল বিশ্ববিদ‍্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য প্ৰাধ‍্যাপক ড° চি. ৰাজ কুমাৰে এইদৰে কয়। “ভাৰত @১০০: শিক্ষা, ন‍্যায় আৰু প্ৰযুক্তিৰ জৰিয়তে ভৱিষ‍্যৎ নিৰ্মাণ” (India @100: Shaping a Future through Education, Justice and Technology) শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় খ‍্যাতিসম্পন্ন শিক্ষাবিদ ড° চি. ৰাজ কুমাৰে কয় যে,        ভাৰতবৰ্ষৰ স্বাধীনতাৰ শতবৰ্ষ পূৰ্ণ কেৱল এক ৰাজনৈতিক মাইলৰ খুঁটিয়েই নহয়, প্ৰকৃততে এয়া হৈছে বিশ্বৰ অন্যতম প্ৰাচীন তথা সম্ভ্ৰান্ত সভ্যতাৰ পৰা এক আধুনিক গণতান্ত্ৰিক-প্ৰজাতন্ত্ৰলৈ বিকাশৰ এক গভীৰ আৰু ধাৰাবাহিক প্ৰক্ৰিয়া। ভাৰতৰ স্বাধীনতাপ্ৰাপ্তিৰ এশ বছৰ পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হোৱাৰ ৰূপান্তৰমূলক গৌৰৱোজ্জ্বল যাত্ৰাৰ বিশ্লেষণ কৰি প্ৰাধ‍্যাপক ড° ৰাজ কুমাৰে আৰু কয় যে, ভাৰতবৰ্ষৰ স্বাধীনতাপ্ৰাপ্তিৰ এশ বছৰীয়া যাত্ৰাত শিক্ষা, ন‍্যায় আৰু প্ৰযুক্তিৰ ভিত্তিত সভ্যতা, সাংবিধানিকতা আৰু প্ৰযুক্তিগত বিকাশৰ এক স্বকীয় উন্নয়নৰ আৰ্হি প্ৰতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ শতবৰ্ষীয় যাত্ৰা মূলতঃ দেশখনৰ সভ্যতাগত জ্ঞানৰ সৈতে আধুনিক শিক্ষা, ন্যায় আৰু প্ৰযুক্তিৰ সমতাপূৰ্ণ সমন্বয়ৰ এক ৰূপান্তৰমুখী নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া বুলি অভিহিত কৰি প্ৰাধ‍্যাপক চি. ৰাজ কুমাৰে আৰু কয় যে, দেশৰ এই পৰিৱৰ্তনকামী যাত্ৰা নিতান্তই নৈতিকতাপূৰ্ণ, মানৱিক প্ৰমূল‍্যবোধসম্পন্ন আৰু অন্তৰ্ভুক্তিমূলক হ’ব লাগিব।



উল্লেখ‍্য যে, অধ‍্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ সচিৱ তথা অ’ পি জিন্দাল গ্ল’বেল বিশ্ববিদ‍্যালয়ৰ ডীন, প্ৰাধ‍্যাপক ড° উপাসনা মহন্তই আঁত ধৰা উক্ত বক্তৃতানুষ্ঠানটি মাংগলিক বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসমৰ ৰাজ‍্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য, উপাচাৰ্য ড° চি. ৰাজ কুমাৰ, হাৱাই উচ্চতম ন‍্যায়ালয়ৰ পূৰ্বৰ ন‍্যায়াধীশ মাইকেল ডি. উইলচন, মহাধিবক্তা তথা বি চি চি আই-ৰ সচিৱ দেৱজিৎ শইকীয়া, গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ ন‍্যায়াধীশ সৌমিত্ৰ শইকীয়া, ৰাজ‍্যৰ মুখ‍্য সচিৱ ড° ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং, ৰয়েল গ্ল’বেল বিশ্ববিদ‍্যালয়ৰ আচাৰ্য অশোক কুমাৰ পানচাৰী আৰু অধ‍্যাপক শৰৎ মহন্তৰ সহধৰ্মিণী মীনা মহন্তই। 

ড° পাৰ্থসাৰথি মহন্তৰ ৰচিত ‘ঔম মহেশ্বৰায়’ শীৰ্ষক শিৱ বন্দনাৰে বক্তৃতানুষ্ঠানটি শুভাৰম্ভ কৰে প্ৰতিষ্ঠিত, জনপ্ৰিয় সংগীত-শিল্পী জুবলী বৰুৱাই। 

বক্তৃতানুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি অসমৰ ৰাজ‍্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই প্ৰদান কৰা ভাষণত অধ‍্যাপক শৰৎ মহন্তক একেধাৰে এজন শিক্ষাবিদ, চিন্তাশীল লেখক, সাংবাদিক, সমাজকৰ্মী আৰু অসমত মানৱ অধিকাৰৰ ধাৰণা বিকাশৰ বিকাশৰ এগৰাকী অগ্ৰণী প্ৰবক্তা বুলি অভিহিত কৰি তেখেতৰ জীৱন, কৰ্ম আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায়েই অনুপ্ৰেৰণাৰ এক উৎস বুলি মন্তব‍্য কৰে। ভাৰতৰ স্বাধীনতাপ্ৰাপ্তিৰ এশ বছৰ সম্পূৰ্ণ কৰাৰ গৌৰৱময় ক্ষণত দেশৰ বাবে এক সমাৱেশী, ন‍্যায়ভিত্তিক আৰু উদ্ভাৱনমুখী ভৱিষ‍্যৎ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ বিষয়ে দোহাৰি ৰাজ‍্যপাল আচাৰ্যই প্ৰাধ‍্যাপক চি. ৰাজ কুমাৰৰ তথ‍্য-চিন্তাসমৃদ্ধ বক্তব‍্যই নতুন চিন্তাৰ উদ্ৰেক কৰিছে বুলি মন্তব‍্য কৰে। ৰাজ‍্যপালগৰাকীয়ে  অধ‍্যাপক শৰৎ ফাউণ্ডেচনৰ নিৰৱচ্ছিন্ন বৌদ্ধিক প্ৰয়াসৰ শলাগ লোৱাৰ লগতে এনে ধৰণৰ চিন্তাকৰ্ষক বক্তৃতানুষ্ঠানে নতুন ধাৰণা, নতুন দৃষ্টিভংগী গঠনৰ সোপান ৰচনা কৰিব বুলিও আশা প্ৰকাশ কৰে।



উক্ত বক্তৃতানুষ্ঠাটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি হাৱাই উচ্চতম ন‍্যায়ালয়ৰ পূৰ্বৰ ন‍্যায়াধীশ মাইকেল ডি. উইলচনে পোন প্ৰথমবাৰৰ বাবে অসমলৈ আহি অভিভূত হৈ পৰা বুলি ব‍্যক্ত কৰি অসমৰ সামজিক-সাংস্কৃতিক পৰিৱেশৰ ভূয়সী প্ৰশংসা          কৰে। অসমৰ আতিথ‍্যই আপ্লুত কৰিছে বুলি মন্তব‍্য কৰি ন‍্যায়াধীশ উইলচনে অসমৰ ইতিহাস-ঐতিহ‍্য-কৃষ্টি-সংস্কৃতি-শিল্পৰ স্বকীয়তাৰ ব‍্যাপক অধ‍্যয়নৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে।

উল্লেখ‍্য যে, উক্ত অনুষ্ঠানতে অধ‍্যাপক শৰৎ মহন্তৰ কনিষ্ঠ পুত্ৰ, শিৱসাগৰৰ গড়গাঁও মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ, কবি-গীতিকাৰ ড° সব‍্যসাচী মহন্তৰ ‘সম্ভৱামি যুগে যুগে’ শীৰ্ষক কাব‍্যগ্ৰন্থখনি আনুষ্ঠানিভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, উপাচাৰ্য প্ৰাধ‍্যাপক চি. ৰাজ কুমাৰে।

প্ৰণিধানযোগ‍্য যে, মূল বক্তৃতানুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ‍্য বক্তা প্ৰাধ‍্যাপক চি. ৰাজ কুমাৰৰ সৈতে দৰ্শক-শ্রোতাৰ বিষয়নিষ্ঠ আলোচনা আৰু উপস্থিত সুধীবৃন্দৰ প্ৰশ্নোত্তৰ শিতানে সামগ্ৰিকভাৱে অনুষ্ঠানটি অধিক আকৰ্ষণীয় কৰি তোলে। বক্তৃতানুষ্ঠানটিত অৱসৰপ্ৰাপ্ত লেঃ জেনেৰেল ৰাণাপ্ৰতাপ কলিতা, অৱসৰপ্ৰাপ্ত মুখ‍্য সচিৱ পৱন বৰঠাকুৰ, নগালেণ্ড বিশ্ববিদ‍্যালয়ৰ আচাৰ্য সমুদ্ৰগুপ্ত কাশ‍্যপ, অতিৰিক্ত মুখ‍্য সচিৱ জে. বি এক্কা, এ ডি জি পি         সুৰেন্দ্ৰ কুমাৰ, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেন নাথ, অসম লোকসেৱা আয়োগৰ সদস‍্য ভাস্কৰ কলিতা, মৃগেশ নাৰায়ণ বৰুৱা, মনোজ কুমাৰ গোস্বামী, প্ৰণয়  বৰদলৈ, সঞ্জীৱ জয়ছোৱাল, সঞ্জীৱ নাৰায়ণ, মৃদুল কলিতা, চৈয়দ জাৰিৰ হুছেইন, সঞ্জীৱ কুমাৰ ফুকন, নৰেশ কলিতা, দেৱজিৎ ভূঞা, প্ৰাঞ্জিৎ শইকীয়া, বিশ্বজিৎ দাস, অধ‍্যাপক শৰৎ মহন্তৰ জ‍্যেষ্ঠ পুত্ৰ ড° পাৰ্থসাৰথি মহন্ত, বোৱাৰী ইন্দ্ৰাণী বৰুৱাকে প্ৰমুখ‍্য কৰি বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ‍্যক বিশিষ্ট ব‍্যক্তি উপস্থিত থাকি অনুষ্ঠানটি জীপাল কৰি তোলে।



No comments

Powered by Blogger.