গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা ২০২৬ সফলভাৱে সম্পন্ন
গুৱাহাটী, ১০ মে’ : গুৱাহাটী বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত ৮ আৰু ৯ মে’, ২০২৬ তাৰিখে বিশ্ববিদ্যালয় চৌহদত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা ২০২৬ সফলভাৱে আয়োজন কৰে।
দুই দিনীয়া এই ক্ৰীড়া অনুষ্ঠানত অসমৰ প্ৰায় ১৮খন বিশ্ববিদ্যালয়ৰ প্ৰায় ২০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য আছিল ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ মাজত ক্ৰীড়াসুলভ মনোভাৱ, ঐক্য আৰু সুস্থ প্ৰতিযোগিতাৰ মানসিকতা গঢ়ি তোলা।
প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভৰালী ACS; গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা; বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব অধ্যাপক সঞ্জয় সিংহ; আৰু ছাত্র কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অতিথিসকলে শিক্ষাৰ্থীৰ ব্যক্তিত্ব বিকাশত ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে কয় যে ক্ৰীড়াই শিক্ষাৰ্থীৰ মাজত শৃংখলা, দলীয় সমন্বয় আৰু নেতৃত্বৰ গুণ বিকাশত সহায় কৰে। লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰতিভাশালী খেলুৱৈসকলক এক উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ শলাগ লয়।
পুৰুষ শাখাত কটন বিশ্ববিদ্যালয়ে চেম্পিয়ন খিতাপ অৰ্জন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰথম ৰানাৰ্ছ আপ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দ্বিতীয় ৰানাৰ্ছ আপ স্থান লাভ কৰে।
মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে চেম্পিয়ন খিতাপ লাভ কৰে। অসম ডাউন টাউন বিশ্ববিদ্যালয়ে প্ৰথম ৰানাৰ্ছ আপ আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় অৱ হেল্থ ছায়েন্সেছে দ্বিতীয় ৰানাৰ্ছ আপ স্থান অধিকাৰ কৰে।
সামৰণি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, অসম বেডমিণ্টন সন্থাৰ কোষাধ্যক্ষ গৌতম মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি উপস্থিত থাকে। অনুষ্ঠানত বিজয়ী দল আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত ট্ৰফী, পদক আৰু প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।
প্ৰতিযোগিতাখন সুচাৰুৰূপে সম্পন্ন কৰাত অসম বেডমিণ্টন সন্থাৰ কাৰিকৰী বিষয়াসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

No comments