Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

সাংসদ বিজুলী কলিতা মেধি আৰু প্ৰাক্তন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তেৰ লাখ টকাৰ উন্নয়ন পুজিৰে পশ্চিম জালুকবাৰীত নিৰ্মাণ কৰা জোনাকী পথ উদ্বোধন


গুৱাহাটী  ,২৯ মে' : পূৰ্বৰ পশ্চিম গুৱাহাটী তথা  নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ  অন্তৰ্গত পশ্চিম জালুকবাৰীৰ জোনাকী পথৰ উন্নয়ন সাধনৰ বাবে  গুৱাহাটী লোকসভা সমষ্টিৰ  সাংসদ  বিজুলী কলিতা মেধিয়ে সাংসদৰ স্থানীয়  এলেকা উন্নয়ন পুজি ( ২০২৫-২৬ বৰ্ষ ) ৰ অধীনত সাত লাখ টকা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ  বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ  কলিতাই বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুজি ( ২০২৫ -২৬ বৰ্ষ  )  অধীনত ছয় লাখ টকাসহ মুঠ তেৰ লাখ টকা আগবঢ়াইছিল ।


  সেই টকাৰে জোনাকী পথ নিৰ্মাণ সমিতিয়ে ৰাজহুৱা মিতব্যয়িতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰি  নিৰ্ধাৰিত সময়ৰ ভিতৰতে  পথচোৱা নিৰ্মাণ কৰিবলৈ সক্ষম হয়। আনহাতে  যোৱা ২৮ মে'ৰ দিনা সন্ধিয়াৰ প্ৰাক ক্ষণত মাংগলিক কাৰ্যৰ মাজেৰে নৱনিৰ্মিত পথটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে  সাংসদ বিজুলী কলিতা মেধিয়ে। এই উপলক্ষে দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে ৰঙাআলি সমন্বয় ক্ষেত্ৰ উন্নয়ন সমিতিৰ সম্পাদক পৰেশ হালৈয়ে  আৰু আঁত ধৰে অঞ্চলটোৰ বাসিন্দা তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অভিযন্তা প্ৰণৱ দাসে ।


 সভাত ভাষণ প্ৰসংগত সাংসদ বিজুলী কলিতা মেধিয়ে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোটৰ চৰকাৰখনক উন্নয়নৰ ধাৰাটো অব্যাহত ৰখাৰ বাবে ৰাইজে পুনৰ হিয়া উজাৰি ভোটদান কৰি পুনৰ শাসনলৈ অনা বিষয়টোৰ আলোকপাত কৰে আৰু আগন্তুক দিনত  পশ্চিম জালুকবাৰী অঞ্চলৰ উন্নয়নত তেওঁৰ ফালৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হব বুলি ব্যক্ত কৰে । সভাত  ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ  সদস্য উৎপল দাস , কামৰূপ মহানগৰ জিলা পৰিষদৰ উপ সভানেত্ৰী  গিৰীজা মেধি, ৰাণী  চাপৰি জিলা পৰিষদৰ সদস্য কুশল দাস , ৰামছাৰানী আঞ্চলিক পঞ্চায়তৰ সভাপতি ভূপেন ইংতি,  ৰঙাআলি সমন্বয় ক্ষেত্ৰৰ সভাপতি নিৰোদ বৰকটকী ,  সমাজ সেৱক ধ্ৰুৱ প্ৰসাদ বৈশ্য ,  অগপ দলৰ নেতা ৰবীন দৈমাৰী, মনোৰঞ্জন দাস,  মহিলা সমাজ সেৱিকা তৰালী পাঠককে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

No comments

Powered by Blogger.