পাণ্ডু বৰবজাৰত ৰঙালী বিহুৰ আয়োজন
গুয়াহাটি ,২৭ এপ্ৰিল: বিভিন্ন জাতি - জনগোষ্ঠীৰ মিলনভূমি স্বৰূপ গুৱাহাটীৰ পাণ্ডু বৰবজাৰস্থিত গ্ৰাম্য দেৱতা মন্দিৰ প্ৰাংগণত মধ্য পাণ্ডু বৰবজাৰ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও অহা ১ মে'ত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৮ সংখ্যক ৰঙালী বিহুৰ আয়োজন কৰা হৈছে । আনহাতে বিহুৰ লগত সংগতি ৰাখি ছাত্ৰ - ছাত্ৰীৰ মাজত ২৬ এপ্ৰিলত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
পহিলা মে'ত পুৱা বিহু পতাকা উত্তোলন কৰাৰ পাছত ৯ বজাত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব। ১০ বজাৰ পৰা মুকলি বিহু আৰু বিয়লি ৩ বজাৰ পৰা বঁটা বিতৰণী সভা অনুষ্ঠিত হব। সন্ধিয়া ৬ বজাত বিহু মঞ্চ উদ্ধোধন কৰাৰ পাছত অনুষ্ঠিত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী গৌৰাংগ ৰাগ, অৰ্পণা ৰাণীকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে গীত পৰিবেশন কৰিব ।
আনহাতে ৰঙালী বিহুৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সমাজকৰ্মী বিশ্বজিৎ ৰায়ক সভাপতি, বিপুল ভড়ালীক কাৰ্যকৰী সভাপতি , বিকি শৰ্মা আৰু নয়ন দাসক সাধাৰণ সম্পাদক , গণেশ চন্দ্ৰ দাসক সাংস্কৃতিক সম্পাদক , নিতাই চন্দ্ৰ দে'ক কোষাধ্যক্ষ হিচাপে লৈ ৩৮ সংখ্যক মধ্য পাণ্ডু বৰবজাৰ ৰঙালী বিহু সন্মিলনীৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হৈছে ।


No comments