Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে লংকেশ্বৰত সোঁৱৰী উৎসৱ উদযাপন


  গুৱাহাটী, ১৮  এপ্ৰিল : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ লংকেশ্বৰস্থিত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয় চৌহদৰ বাকৰিত   ১৬ এপ্ৰিলত এদিনীয়া ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে ৬১ সংখ্যক  পশ্চিম জালুকবাৰী আঞ্চলিক সোঁৱৰী উৎসৱ  উদযাপন কৰা হয়। পুৱা উৎসৱ উদযাপন সমিতিৰ কৰ্মকৰ্তা - সদস্য আৰু স্থানীয় বহুসংখ্যক ৰাইজৰ উপস্থিতিত মাংগলিক কাৰ্যৰ মাজেৰে পতাকা উত্তোলন কৰে  উদযাপন সমিতিৰ সভাপতি কুশল কলিতা ( অমূল্য) ই আৰু বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি কিশোৰ কলিতাই ।

 তাৰ পাছত পুৱা  ৯ বজাত বিষ্ণু পূজা  , ১০ বজাত ভাগৱত পাঠ, ১১ বজাত বাৰগোপাল আদৰণি,  দূপৰীয়া ১২ বজাত পূৰ্ণাহুতি, বিয়লি ২ বজাৰ পৰা দধি মন্থন অনুষ্ঠান অনুষ্ঠিত হয়  । বিয়লি ৫ বজাত বাৰগোপাল সেৱা আৰু বিদায় অনুষ্ঠান সম্পন্ন হোৱাৰ পাছত সন্ধিয়া ৬ বজাত মঞ্চ মুকলি কৰাৰ  পাছত শিশু শিল্পীসকলে শ্ৰী কৃষ্ণৰ নৃত্য পৰিৱেশন কৰে । 

নিশা ৮ বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত কেবাজনো শিল্পীয়ে সংগীত পৰিবেশন কৰে। নিশা ১০ বজাৰ পৰা পাপৰি  ভ্ৰাম্যমাণ নাট্যদলে  নাট্যভিনয় মঞ্চস্থ কৰি উপস্থিত কেবা শতাধিক লোকক আপ্লুত কৰে। উল্লেখ্য যে দিনৰ ভাগত উদযাপনথলীত সমবেত হোৱা সহস্ৰাধিক লোকক উদযাপন সমিতিৰ ফালৰ পৰা ভোগ খুওৱাৰ লগতে প্ৰসাদ বিতৰণ কৰা হয়। ইয়াৰ উপৰিও দূৰ দুৰণিৰ পৰা অহা বহু লোকে কৃষ্ণ আৰু বলোৰামকে ধৰি বিভিন্ন দেৱতাৰ বেশ ভুষা পৰিধান কৰা  শিশুসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়।

No comments

Powered by Blogger.