গুৱাহাটী বিশ্ববিদ্যালয়ত সত্ৰীয়া বৈভৱম অনুষ্ঠান :আন্তৰ্জাতিক নৃত্য দিৱস উদযাপন
গুৱাহাটী, এপ্ৰিল ২৯, ২০২৬ :আন্তৰ্জাতিক নৃত্য দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰ তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত ফণীধৰ দত্ত সভাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে 'সত্ৰীয়া বৈভৱম' শীৰ্ষক অনুষ্ঠান সম্পন্ন হয়।নৃত্য, সংস্কৃতি আৰু গৱেষণাৰ মাজেৰে সত্ৰীয়া শিল্পৰ সংৰক্ষণ আৰু প্ৰচাৰৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰাৰ অৰ্থে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আয়োজিত উক্ত অনুষ্ঠানত সত্ৰীয়া নৃত্যৰ গৌৰৱময় পৰম্পৰা আৰু আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰা হয়।
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি পদ্মশ্ৰী বঁটাৰে বিভূষিত স্বনামধন্য শিল্পী বায়নাচাৰ্য ঘনকান্ত বৰাদেৱে উল্লেখ কৰে যে, "সত্ৰীয়া নৃত্য আমাৰ সংস্কৃতি আৰু ভক্তিৰ এক সুন্দৰ প্ৰকাশ; ইয়াক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। এই মহান পদক্ষেপৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষ তথা পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।"
মুখ্য অতিথিৰূপে উপস্থিত থাকি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উক্ত পদক্ষেপক প্ৰশংসা কৰি কয় যে, " ভাৰতীয় নাট্যশাস্ত্ৰৰ সৈতে সামঞ্জস্য ৰাখি সত্ৰীয়া নৃত্যই গুৰুজনাৰৰ দৰ্শন আৰু শিক্ষাক আগুৱাই নিছে। এই নৃত্যৰূপ কেৱল এক শিল্প নহয়, ই অসমৰ সমৃদ্ধ সংস্কৃতি আৰু আধ্যাত্মিক ঐতিহ্যৰ এক জীৱন্ত ঐতিহ্য বহনকাৰী দলিল। বিশ্ববিদ্যালয়সমূহে এই ধৰণৰ উদ্যোগৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত সাংস্কৃতিক চেতনাৰ বিকাশ ঘটোৱাৰ লগতে গৱেষণা আৰু সৃজনশীল চিন্তাধাৰাকো উৎসাহিত কৰিব পাৰে। এই ক্ষেত্ৰত ‘সত্ৰীয়া বৈভৱম’ এক উৎকৃষ্ট উদাহৰণ হিচাপে পৰিগণিত হ'ব বুলি আমি আশাবাদী।"
অনুষ্ঠানত অসমৰ বিশিষ্ট সত্ৰীয়া শিল্পী মল্লিকা কন্দলীয়ে 'Nayika Veda in Sattriya Dance' শীৰ্ষক বিষয়ত নিজৰ বক্তৃতা প্ৰদান কৰাৰ লগতে নিজৰ অনুষ্ঠান পৰিৱেশন কৰে।
ড⁰ অন্বেষা মহন্তই সঞ্চালনা কৰা ' Sattriya Arts : Present Scenerio, Prospects, and Challenges শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি সংগীতা বৰা, অজয় সৰকাৰ, অৰুণাভ জ্যোতি মালাকাৰ আৰু ধনমনি দাসে বিষয়বস্তুৰ ওপৰত বিতংভাৱে আলোচনা কৰে।
পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ সঞ্চালক অধ্যাপক প্ৰাঞ্জল শইকীয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সঞ্চালক ড⁰ চপম ৰণবীৰ সিং, পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ অধ্যাপক, বিশিষ্ট অতিথিবৃন্দ, গৱেষক তথা ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।


No comments