Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজ আছাম ষ্টুডেণ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত ৰঙালী বিহু উদযাপন



গুৱাহাটী, ২৯ এপ্ৰিল  : বহাগ বিহু মানেই যেন অসমীয়াৰ প্ৰাণ। অসমীয়া নতুন বছৰ বহাগ বা ৰঙালী বিহু বুলিয়েই অসমীয়াৰ গা সাতখন - আঠখন লাগে । আনকি দেশৰ আন আন ৰাজ্য আৰু বিদেশত থকা অসমীয়া লোকসকলেও বাৰে ৰহনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰাৰ লগতে অসমীয়া নৱবৰ্ষক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। ইফালে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ ছেইন্ট এন্থনীজ কলেজ আছাম ষ্টুডেণ্টছ এছ'চিয়েশ্যন (চাকাছা) উদ্যোগত ২৫ এপ্ৰিলৰ দিনা ধানখেতিস্থিত মাধৱদেৱ কলা কৃষ্টি কেন্দ্ৰত দিনযোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়।


 আনহাতে ৰঙালী বিহুৰ লগত সংগতি ৰাখি বিয়লি ১ বজাৰ পৰা নিশা ৯ বজালৈ অনুষ্ঠিত  'এনাজৰী - ২০২৬' শীৰ্ষক  কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি নিতুল বৰাকে ধৰি কেবাজনো কৰ্মকৰ্তা , খাছী ছাত্ৰ সন্থাৰ সভাপতি ডনাল্ড থাবাহকে ধৰি কেবাজনো কৰ্মকৰ্তা , ছেইণ্ট এন্থনীজ কলেজৰ কেবাজনো অধ্যাপক - অধ্যাপিকা , চাৰি শতাধিক ছাত্ৰ - ছাত্ৰী , শ্বিলঙত বাস কৰা অসমৰ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আনহাতে চাকাছাৰ  সাধাৰণ সম্পাদক সিদ্ধাৰ্থ নন্দনে আঁত ধৰা অনুষ্ঠানটোত  ছাত্ৰ - ছাত্ৰীসকলে দিহানাম, টোকাৰী গীত, সত্ৰীয়া নৃত্য, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উপৰিও উত্তৰ পূবৰ সাতভনী ৰাজ্য সমূহৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য - গীত প্ৰদৰ্শন কৰে । 


 ইয়াৰ উপৰিও ছেইণ্ট এন্থনীজ কলেজৰ সংগীত বিভাগৰ অধ্যাপিকা , বিশিষ্ট সংগীত শিল্পী ডঃ কান্তা কাবেৰী দাসকে ধৰি কেবাজনেও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি জুবিন গাৰ্গৰ কেবাটাও কালজয়ী গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।  উল্লেখ্য যে  অসমৰ বাহিৰত থাকিলেও শ্বিলঙত বসবাস কৰি থকা অসমীয়াসকলৰ লগতে আন সম্প্ৰদায়ৰ লোকৰ মাজত যুৱ-প্ৰজন্মৰ মাজত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ প্ৰতি আকৰ্ষণ,   উৎসাহ-উদ্দীপনা বৃদ্ধি কৰাই অনুষ্ঠানৰ মূল লক্ষ্য আছিল  বুলি চাকাছাৰ সভাপতি কৰণ কৃষ্ণাত্ৰেয়ই জানিবলৈ দিছে।

No comments

Powered by Blogger.