কেইৰ্ণৰ উদ্যোগত ধৰিত্ৰী দিৱস উদযাপন
গোলাঘাট, এপ্ৰিল ২২, ২০২৬ : কেইৰ্ণ অইল এণ্ড গেছৰ উদ্যোগত এই বছৰৰ ধৰিত্ৰী দিৱসৰ মূল বিষয়বস্তু ‘Our Power, Our Planet’ ক সৰোগত কৰি গোলাঘাট জিলাত এক সমাজ-নেতৃত্বাধীন বৃক্ষৰোপণ অভিযান সম্পন্ন হয়। উক্ত পদক্ষেপৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ পৰিৱেশ সংৰক্ষণ আৰু ৰাইজৰ উন্নয়নৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ়ভাৱে প্ৰকাশ হয়।
উক্ত বৃক্ষৰোপণ কাৰ্যসূচী গোলাঘাটৰ বৰচাপৰি কমিউনিটি চেণ্টাৰ আৰু কেইৰ্ণৰ হাজাৰীগাঁও ক্ষেত্ৰত সফলভাৱে আয়োজন কৰা হয়। এই অনুষ্ঠানত স্থানীয় ৰাইজ আৰু প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে একেলগে উৎসাহেৰে অংশগ্ৰহণ কৰি সেউজীয়া আৰু সুস্থ পৰিৱেশ গঢ়ি তোলাৰ এক আন্তৰিক সমূহীয়া প্ৰচেষ্টা প্ৰদৰ্শন কৰে। এই অভিযানৰ অংশ হিচাপে আম, আমলখি, নিম, জলপাই আদি ফল আৰু স্থানীয় প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়।
কেৱল গছ ৰোপণতেই সীমাবদ্ধ নাথাকি, এই উদ্যোগটো এখন সুস্থ, সুৰক্ষিত আৰু পৰিৱেশ সংৰক্ষণকাৰী বাতাবৰণ গঢ়ি তোলাৰ দীৰ্ঘম্যাদী লক্ষ্যৰে সুচিন্তিতভাৱে ৰূপায়ণ কৰা হৈছে। ৰোপণ কৰা গছপুলিবোৰে জীৱবৈচিত্ৰ্য সংৰক্ষণত সহায় কৰাৰ লগতে বায়ুৰ গুণগত মান উন্নত কৰা, মাটি আৰু ভূগৰ্ভস্থ পানীৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখা আৰু ৰাইজৰ বাবে ফল আৰু ছাঁৰ এক স্থায়ী আৰু উপকাৰী উৎস হিচাপে পৰিগণিত হ'ব। জনসাধাৰণৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাটোও এই কাৰ্যসূচীৰ এক মুখ্য উদ্দেশ্য।
ধৰিত্ৰী দিৱসৰ এই উদ্যোগে কেইৰ্ণৰ দায়বদ্ধ ব্যৱসায়িক চিন্তা আৰু উন্নয়নৰ প্ৰতি থকা দীৰ্ঘম্যাদী অঙ্গীকাৰ স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। বিশেষকৈ পৰিৱেশ, সমাজ আৰু শাসন (ESG) সম্পৰ্কীয় বিষয়সমূহক নিজৰ দৈনন্দিন ব্যৱসায়িক কাৰ্যপ্ৰণালীৰ সৈতে সংযোগ কৰি, প্ৰতিষ্ঠানটোৱে অধিক দায়িত্বশীল আৰু সচেতনভাৱে আগবাঢ়ি যোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।
ইয়াৰোপৰিও, কেইৰ্ণএ ১.১৮ Net Water Positive Impact (NPWI) সূচক অৰ্জন কৰাৰ কথা প্ৰকাশ কৰিছে, যিয়ে দায়বদ্ধ আৰু সুসংগঠিত পানী ব্যৱস্থাপনাৰ প্ৰতি কোম্পানীটোৰ দৃঢ় প্ৰতিশ্ৰুতি স্পষ্টকৈ প্ৰতিফলিত কৰে।
এনেধৰণৰ পৰিৱেশমুখী আৰু জনমুখী পদক্ষেপৰ জৰিয়তে কেইৰ্ণ অইল এণ্ড গেছে স্থানীয় ৰাইজ আৰু অংশীদাৰসকলৰ সৈতে হাতত হাত ধৰি আগবাঢ়ি উন্নয়নৰ পথ অধিক সুগম কৰি তুলিছে। একে সময়তে, ভাৰতৰ শক্তিৰ চাহিদা পূৰণৰ লগতে পৰিৱেশ সংৰক্ষণৰ মাজত এক সুষম আৰু দায়িত্বশীল সমন্বয় বজাই ৰাখিবলৈ কোম্পানীটোৱে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।



No comments