Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত পশ্চিম এছিয়া বিষয়ক ৰাষ্ট্ৰীয় আলোচনাচক্ৰ



গুৱাহাটী, এপ্ৰিল ৩০: বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল বিশ্বব্যৱস্থাৰ সন্ধিক্ষণত সম্পদ সংকট, সুৰক্ষা, অৰ্থনৈতিক প্ৰভাৱ, আধুনিকতাৰ ধাৰণা, আৰু বিংশ শতিকাত আধুনিকতাৰ বিশ্বদৃষ্টিভংগীৰ পুনৰ মূল্যায়নে এক নতুন আলোচনাৰ দুৱাৰ মুকলি কৰিছে। উক্ত জটিল আৰু ৰূপান্তৰশীল পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক দিশত বিশ্ব পৰিসৰৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত গভীৰ বৌদ্ধিক আলোচনা আগবঢ়োৱাৰ ক্ষেত্ৰত এক প্ৰাসংগিক আৰু সক্ৰিয় অংশ হিচাপে ভাৰতৰ প্ৰাক্তন ৰাজ্যিক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, বিশিষ্ট সাংবাদিক তথা লেখক সন্মানীয় এম জে আকবৰ ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱৰ সবল নেতৃত্বত চেণ্টাৰ ফৰ চাউথ ইষ্ট এছিয়ান ষ্টাডিজ তথা ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত 'West Asia in a Fragmented Global Order: Security Dynamics and Economic Implications' শীৰ্ষক ৰাষ্ট্ৰীয়  আলোচনাচক্ৰ সম্পন্ন হয়। 

উক্ত গুৰুত্বপূৰ্ণ অনুষ্ঠানত মুখ্য ভাষণ প্ৰদান কৰি ভাৰতৰ প্ৰাক্তন ৰাজ্যিক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, বিশিষ্ট সাংবাদিক তথা লেখক সন্মানীয় এম জে আকবৰে বিষয়বস্তুৰ লগত সংগতি ৰাখি উল্লেখ কৰে যে, " বৰ্তমানৰ পৰিৱৰ্তনশীল বিশ্বৰ বিভিন্ন ঘটনাই পশ্চিম এছিয়াক বিভিন্ন দিশৰ পৰা প্ৰভাৱিত কৰিছে। ইউএএই অপেকৰ পৰা আঁতৰি অহাটো বিশ্ব তেল বজাৰত পশ্চিমীয়া প্ৰভাৱৰ অন্যতম গুৰুত্বপূৰ্ণ ঘটনা।  যোৱা কেইমাহমানত ডলাৰৰ আধিপত্যৰ বিৰুদ্ধে উত্থাপিত প্ৰত্যাহ্বানসমূহেও এই পৰিৱর্তনশীল ধাৰাটোক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। এই সকলো উন্নয়নে এক স্পষ্ট সংকেত দিয়ে যে, ৰাষ্ট্ৰীয় স্বাৰ্থই এতিয়া সীমা অতিক্ৰম কৰি নিজস্ব কৌশল আৰু স্বায়ত্ত-শাসনৰ দিশে আগবাঢ়ি আহিছে। আন্তঃৰাষ্ট্ৰীয় শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত নাটো আৰু ৰাষ্ট্ৰসংঘৰ দৰে প্ৰতিষ্ঠানসমূহে দ্ৰুতগতিত বিকশিত হোৱা বহুমেৰু বিশ্বত কৰ্তৃত্ব দখল কৰিবলৈ ক্ৰমান্বয়ে সংগ্ৰাম কৰি আছে। গতিকে, গতিশীল বিশ্বৰ লগত আগুৱাই যোৱাটো অত্যন্ত জৰুৰী।"



উদ্বোধনী ভাষণ প্ৰদান কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই বিষয়ৰ গভীৰতাৰ লগত সংগতি ৰাখি কয় যে, "আমেৰিকাৰ দৰে বিশ্ব নেতৃত্বৰ বিভিন্ন স্তম্ভসমূহৰ ওপৰত বৃদ্ধি পাই থকা চাপে স্পষ্টভাৱে সূচায় যে কৌশলগত আধিপত্য আৰু মতাদৰ্শগত প্ৰভাৱে এতিয়া ক্ৰমশঃ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে। পশ্চিম এছিয়াৰ প্ৰেক্ষাপটত, দীৰ্ঘদিন ধৰি উপসাগৰীয় অঞ্চলৰ মুখ্য নিৰাপত্তা প্ৰদানকাৰী হিচাপে গণ্য কৰা আমেৰিকাই এতিয়া নিজৰ ভূমিকা আৰু নিৰ্ভৰযোগ্যতাক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সন্মুখীন হৈছে। সমান্তৰালভাৱে, পশ্চিমীয়া মিত্ৰতাৰ ভিতৰত দেখা দিয়া বিচ্ছিন্নতা, বিশ্বব্যৱস্থাৰ পুনৰ্গঠন আৰু নতুন ক্ষমতাৰ কেন্দ্ৰসমূহৰ উদ্ভৱৰ বাবে এক নতুন সম্ভাৱনাৰ দিগন্ত মুকলি কৰাৰ ইংগিত দিয়ে।”

কাৰ্যসূচীৰ অংশ হিচাপে প্ৰাক্তন আই পি এছ তথা প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই সভাপতিত্ব কৰা প্ৰথম আলোচনা চক্ৰত অভিযান দাস (Strategic Consulting and National Security Expert; Governing Body Member of Society to Harmonise Aspirations for Responsible Engagement (SHARE), অধ্যাপক শুভ্ৰজিত কোঁৱৰ আৰু অধ্যাপক অব্জা বৰা হাজৰিকাই অংশগ্ৰহণ কৰি বিশ্বত শক্তিৰ স্থানান্তৰ, বিশ্বব্যাপী প্ৰতিদ্বন্দ্বিতা আৰু ভাৰতৰ কূটনৈতিক কৌশল সম্বন্ধীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে। 

দ্বিতীয় আলোচনা চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্তৰ পূব ভাৰত অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক তথা অধ্যাপক অখিল ৰঞ্জন দত্তই সভাপতিত্ব কৰি 'The Anarchic Hegemon, Global Disorder and the West Asian Crisis' বিষয়ত নিজৰ বক্তৃতা প্ৰদান কৰে। উক্ত আলোচনা চক্ৰত নিৰভ জ্যোতি ডেকা, ৰক্তিম ৰঞ্জন নেওঁগ, ঋতুৰাজ শইকীয়া, ভৱ সিন্ধু বৰঠাকুৰ, প্ৰিয়ম ভট্টচাৰ্য আৰু অনুপম পখৰেলে নিজৰ নিজৰ বিষয়ত আলোকপাত কৰে। 

উক্ত তত্ত্বগধুৰ অনুষ্ঠানত অধ্যাপক, আমন্ত্ৰিত অতিথিবৃন্দ, বিষয় সম্পৰ্কত বিভিন্ন বিশেষজ্ঞ, গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।


No comments

Powered by Blogger.