Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বিজ্ঞানত ১০০ শতাংশ-কলা শাখাত ৯১ শতাংশ উত্তীর্ণ


গুৱাহাটী , ২৮ এপ্রিল: আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ১০০%, কলা শাখাত ৯১ % শিক্ষার্থী উত্তীর্ণ হয়। বিদ্যালয়খনৰ পৰা এইবাৰ বিজ্ঞান শাখাত ১৬ গৰাকী শিক্ষার্থী পৰীক্ষাত অৱতীর্ণ হয় আৰু ইয়াৰে ১৬ গৰাকী উত্তীর্ণ হয়। 

প্রথম বিভাগত ১১ গৰাকী ,  দ্বিতীয় বিভাগত ৪ গৰাকী  আৰু তৃতীয় বিভাগত ১ গৰাকী শিক্ষার্থী উত্তীর্ণ হয়। কলা শাখাত ৪৫ গৰাকী শিক্ষার্থীৰ ৪১ গৰাকী উত্তীর্ণ হয়। প্রথম বিভাগত ১১ গৰাকী, দ্বিতীয় বিভাগত ২২ গৰাকী আৰু তৃতীয় বিভাগত ৮ গৰাকী শিক্ষার্থী উত্তীর্ণ হয়। উত্তীৰ্ণ শিক্ষাৰ্থী সকলক বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হয়।

No comments

Powered by Blogger.