গুৱাহাটী বিশ্ববিদ্যালয়ত অনিতা বৰুৱা শৰ্মা সোঁৱৰণী বক্তৃতা সম্পন্ন
গুৱাহাটী, এপ্ৰিল ২, ২০২৬ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত তথা অনিতা বৰুৱা শৰ্মা স্কুল অফ এডুকেশ্বনৰ সহযোগত বিশিষ্ট শিক্ষাবিদ অধ্যাপক অনিতা শৰ্মা বৰুৱাৰ সোঁৱৰণত আয়োজিত ১৯ সংখ্যক অনিতা শৰ্মা বৰুৱা সোঁৱৰণী বক্তৃতা সফলভাৱে সম্পন্ন হয়।
ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক অঞ্জলি দৈমাৰীৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানটি উদ্বোধন কৰি পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই বক্তৃতাৰ বিষয়বস্তু 'GENDERING MODERNITY: THE NATION AND ITS DIGITAL ARCHIVES' ৰ লগত সংগতি ৰাখি ডিজিটেল আৰ্কাইভৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰে।
অনুষ্ঠানত বক্তাৰ আসন অলংকৃত কৰি ড⁰ মীনা টি পিল্লাই (Senior Professor, Department of English and Director of the Centre for Cultural Studies at the University of Kerala) ড⁰ অনিতা বৰুৱা শৰ্মাৰ মাতৃ ড⁰ পাৰুকুত্তি বৰুৱা তথা বিষয়বস্তুৰ লগত জড়িত বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে, "আধুনিকতাৰ ধাৰণাটো কেৱল ৰাজনীতি বা ইতিহাসতেই সীমাবদ্ধ নহয়, ডিজিটেল আৰ্কাইভসমূহে স্মৃতি, অভিজ্ঞতা আৰু বিভিন্ন ক্ষেত্ৰক সামৰি নতুন ধাৰণাসমূহক বুজিবলৈ সহায় কৰে। বৰ্তমান সময়ত আৰ্কাইভ অফ ফিলিংছৰ গুৰুত্ব বুজাটো অতি প্ৰয়োজনীয়।"
ড° অনিতা বৰুৱা শৰ্মাৰ পুত্ৰ ড⁰ ৰনঞ্জয় শৰ্মাই সংক্ষিপ্ত কৃতজ্ঞতামূলক ভাষণ প্ৰদান কৰি ইংৰাজী বিভাগ আৰু বক্তাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বক্তৃতাৰ মূল বিষয়সমূহৰ ওপৰত কিছু অনুভৱ প্ৰকাশ কৰে।
ড⁰ প্ৰাঞ্জল প্ৰতিম বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱা উক্ত অনুষ্ঠানত শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈকে ধৰি ড⁰ অনিতা শৰ্মা বৰুৱাৰ পৰিয়ালবৰ্গ, বিভিন্ন বিভাগৰ অধ্যাপক, বিশিষ্ট ব্যক্তিসকল, গৱেষক আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।


No comments