GUICE ৰ উদ্যোগত মত বিনিময় তথা সম্বৰ্ধনা অনুষ্ঠান
গুৱাহাটী, মাৰ্চ ৯, ২০২৬ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ Gauhati University Initiative for Competitive Examinations (GUICE) ৰ উদ্যোগত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আই এ এছ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচৰ ভাৰত ভূষণ দেৱ চৌধুৰীৰ উপস্থিতিত ৬ মাৰ্চ তাৰিখে APSC CCE 2024 ত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলৰ লগত 'How to be a Good and Efficient Officer' শীৰ্ষক মত বিনিময় তথা সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়।
অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকি ভাৰত ভূষণ দেৱ চৌধুৰীদেৱে সকলোৰে লগত মত বিনিময় কৰি আলোচ্য বিষয়ত নিজৰ মত প্ৰকাশ কৰি উল্লেখ কৰে যে, “এজন ভাল আৰু দক্ষ বিষয়া হ’বলৈ কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাই যথেষ্ট নহয়, সততা, জনসেৱাৰ প্ৰতি দায়বদ্ধতা আৰু নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰাৰ মানসিকতাই এজন প্ৰকৃত প্ৰশাসনিক বিষয়া গঢ়ি তোলে। প্ৰশাসনৰ মূল শক্তি হৈছে জনতাৰ বিশ্বাস। সেয়েহে প্ৰতিজন বিষয়াই সদায় জনস্বাৰ্থক অগ্ৰাধিকাৰ দি দায়িত্ব পালন কৰিব লাগে।”
তেওঁ লগতে উল্লেখ কৰে যে পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ সময় আৰু চাকৰি জীৱনৰ মাজত যথেষ্ট পাৰ্থক্য থাকে। এজন প্ৰশাসনিক বিষয়াৰ ক্ষেত্ৰত দায়িত্ববোধ, ধৈৰ্য, মানুহৰ সমস্যা বুজি লোৱাৰ ক্ষমতা আৰু বাস্তৱ পৰিস্থিতিত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ দক্ষতা অতি গুৰুত্বপূৰ্ণ।
অনুষ্ঠানৰ অংশ হিচাপে উক্ত বৰ্ষত স্থানপ্ৰাপ্ত নিহাৰ ৰঞ্জন ডেকা, ৰাজনীশ শৰ্মা, আটলান্টা চৌধুৰী, সৃষ্টি চলিহা, অনিন্দিতা দাস, অভিষেক ঘোষ, ৰিংকি ৰাণী দাস, মিন্টু নাথ, অনামিকা গোস্বামী, হিমাক্ষী বৰুৱা, ভাস্কৰ হাজৰিকা আৰু জিতাশা দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ সবল নেতৃত্ব তথা আশাশুধীয়া প্ৰচেষ্টাত PETC (Pre-Examination Training Centre)ৰ অধীনত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কাৰ্যসূচী অব্যাহত আছে, ২০২৪–২৫ বৰ্ষৰ মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ চূড়ান্ত সাক্ষাৎকাৰৰ বাবে আয়োজন কৰা বিনামূলীয়া বিশেষ অনুশীলনী অনুষ্ঠান তাৰ এক উল্লেখযোগ্য উদাহৰণ। বিশেষকৈ পৰীক্ষাৰ্থীসকলে যাতে ব্যক্তিগত কোচিং প্ৰতিষ্ঠানসমূহৰ ওপৰত অধিক নিৰ্ভৰ নকৰাকৈ আৰু আৰ্থিকভাৱে অসুবিধাৰ সন্মুখীন নোহোৱাকৈ সঠিক দিশ-নির্দেশনা লাভ কৰিব পাৰে, সেই উদ্দেশ্যেৰে GUICE ৰ পাঠ্যক্ৰমসমূহ পৰিচালিত হয়।
উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সচিব আৰু জনসম্পৰ্কৰক্ষী বিষয়া ড° মৃণাল জ্যোতি ডেকা, উপাচাৰ্যৰ বিশেষ কৰ্তব্যৰত বিষয়া ড° সঞ্জয় কুমাৰ দত্ত, GUICE ৰ পাঠ্যক্ৰম সমন্বয়ক বিদ্যাৰ্থী মহন্ত তথা অধ্যাপক অধ্যাপিকা উপস্থিত থাকে।



No comments