Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ভূগোলবিদ অধ্যাপক অৱনী কুমাৰ ভাগৱতীৰ 'গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ডায়েৰী' উন্মোচন

 

গুৱাহাটী, মাৰ্চ ৬, ২০২৬ : গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশনৰ উদ্যোগত শুক্ৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বিশিষ্ট স্বনামধন্য ভূগোলবিদ অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত গ্ৰন্থ ‘গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ডায়েৰী’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই গ্ৰন্থখন উন্মোচন কৰি লেখক অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীদেৱক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে, “গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস, ঐতিহ্য, বৌদ্ধিক পৰিৱেশ আৰু স্মৃতিৰ সৈতে গভীৰভাৱে জড়িত বহু মূল্যবান অভিজ্ঞতা এই গ্ৰন্থখনত সুন্দৰভাৱে লিপিবদ্ধ হৈছে। ‘গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ডায়েৰী’ কেৱল এখন সাহিত্যিক সৃষ্টি নহয়, ই বিশ্ববিদ্যালয়ৰ বিকাশ, সাংস্কৃতিক পৰিসৰ আৰু শৈক্ষিক যাত্ৰাৰ এক মূল্যবান দলিল হিচাপে আগন্তুক প্ৰজন্মৰ বাবে পথপ্ৰদৰ্শক হ’ব।”

গ্ৰন্থখনৰ লেখক অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়েও এই উপলক্ষে নিজৰ অনুভৱ ব্যক্ত কৰি কয় , “গুৱাহাটী বিশ্ববিদ্যালয় মোৰ বাবে কেৱল কৰ্মক্ষেত্ৰ নহয়, ই মোৰ জীৱনৰ এক অমূল্য অধ্যায়। চাকৰিকালত বহু দশক ধৰি বিশ্ববিদ্যালয় চৌহদত দেখা-শুনা কৰা অভিজ্ঞতা, স্মৃতি, ব্যক্তি, পৰিৱেশ আৰু সময়ৰ বহু ঘটনাক এই গ্ৰন্থখনৰ মাজেৰে লিপিবদ্ধ কৰাৰ এক আন্তৰিক প্ৰয়াস কৰা হৈছে। আশা কৰিছোঁ, সমূহ পাঠকে উক্ত গ্ৰন্থখন আঁকোৱালি ল'ব।”

উল্লেখযোগ্য যে, ‘গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ডায়েৰী’ গ্ৰন্থখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ প্ৰাকৃতিক পৰিৱেশ, ঐতিহাসিক পটভূমি, বিশ্ববিদ্যালয় জীৱনৰ নানা স্মৃতি, শিক্ষাৰ্থী-শিক্ষক সমাজৰ আন্তৰিক সম্পৰ্ক, বিভিন্ন সময়ৰ উল্লেখযোগ্য ঘটনা আৰু বিশ্ববিদ্যালয়ৰ বৌদ্ধিক-সাংস্কৃতিক পৰিৱেশৰ এক জীৱন্ত চিত্ৰ অংকিত হৈছে। লেখকৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু গভীৰ অনুভৱৰ সমাহাৰে গ্ৰন্থখন বিশ্ববিদ্যালয়ৰ ইতিহাস আৰু স্মৃতিচাৰণৰ এক গুৰুত্বপূর্ণ দলিল হিচাপে বিবেচিত হ’ব বুলি সকলোৱে আশা কৰিছে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, কলাগুৰু অধ্যাপক এম. কামালুদ্দিন আহমেদৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা, গৱেষক আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে। অনুষ্ঠানটোত উপস্থিত সকলে গ্ৰন্থখনক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস, পৰিসৰ আৰু স্মৃতিৰ এক মূল্যবান সংৰক্ষণ বুলি মন্তব্য কৰে।

No comments

Powered by Blogger.