Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জি’অ’চি’ৰ সীমান্ত মুখ্যলয় গুৱাহাটী ভ্ৰমণ

 
গুৱাহাটী ২৮ মাৰ্চ  ২৮/০৩/২০২৬ তাৰিখে লেফটেনেণ্ট জেনেৰেল নীৰজ শুক্লা, এভিএছএম, এছএম, জি’অ’চি (নিযুক্ত) ৪ কৰ্পছে সীমান্ত মুখ্যলয়, এছএছবি, গুৱাহাটী ভ্ৰমণ কৰে। তেওঁক মহানিৰীক্ষক শ্ৰী সুধীৰ বর্মাই পুষ্পগুচ্ছ আৰু সীমান্তৰ পৰম্পৰাগত “খাদা”ৰে উষ্ম আদৰণি জনায়।
তাৰ পাছত মহানিৰীক্ষকে জি’অ’চি’ক সীমান্তৰ কাৰ্যক্ষেত্ৰ, সীমা ব্যৱস্থাপনা আৰু যুদ্ধকালীন পৰিস্থিতিত এছএছবি’ৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে। জি’অ’চি’য়ে এছএছবি’ই কৰা সীমা ব্যৱস্থাপনা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ দায়িত্বসমূহৰ শলাগ লয় আৰু যুদ্ধকালীন প্ৰস্তুতিৰ বাবে সেনাৰ সৈতে অধিক সমন্বয়ৰে কাম কৰাৰ আশ্বাস প্ৰদান কৰে।
ভ্ৰমণৰ অন্তত শ্ৰী বর্মাই স্মৃতি চিহ্ন আগবঢ়াই এই ভ্ৰমণটো স্মৰণীয় কৰি তোলে। এই ভ্ৰমণত উপ-মহানিৰীক্ষক শ্ৰী ৰাজনীশ লাম্বা, নীৰজ চন্দ আৰু অন্যান্য বিষয়াসকল উপস্থিত আছিল।


 

No comments

Powered by Blogger.