Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন



গুৱাহাটী :: ১০ মাৰ্চ :: মহানগৰীৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত ৬ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপন কৰা হয়। ৬ মাৰ্চৰ দিনৰ ১১ বজাত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু এন চি চি তথা এন এছ এছৰ সহযোগত মহাবিদ্যালয় প্ৰাগংনত ছাত্ৰীসকলৰ বাবে দহদিনীয়া Self Defence Certificate Course এটিৰ উদ্ধোধনী কৰে মহাবিদালয়ৰ অধ্যক্ষা ড° মণীষা ভট্টাচাৰ্য্যই। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কাৰাটে প্ৰশিক্ষণপ্ৰাপ্ত মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী লিজা দত্ত । এই প্ৰশিক্ষণটোত মহাবিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ৮ মাৰ্চৰ আবেলি ৫ বজাত মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু ইউনেস্কো, গুৱাহাটীৰ সহযোগত এটি অনলাইন বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ইউনেস্কো, গুৱাহাটীৰ প্ৰগতি শৰ্মাই আঁত ধৰা বক্তৃতানুষ্ঠানটোৰ আদৰণি ভাষন ৰাখে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মণীষা ভট্টাচাৰ্য্যই। মহাবিদ্যালয়ৰ মহিলা কোষৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° মধুলিমা চলিহাই মুখ্য বক্তাৰ পৰিচয় প্ৰদান কৰে ।


 

 মুখ্য বক্তা হিচাপে উপস্থিত থাকি দিল্লীৰ লক্ষ্মীবাই কলেজৰ প্ৰাক্তন অধ্যক্ষা তথা ডেৰাডুন কলেজৰ প্ৰাধ্যাপক ড° প্ৰত্যুষ বাট্‌চালাই  "বিকশিত ভাৰত ২০৪৭ আৰু নাৰী"ৰ বিষয়ে এটি মননশীল পৰ্য্যালোচনা আগবঢ়ায়। ইউনেস্কো, গুৱাহাটী শাখাৰ সঞ্চালক অশ্বিনী শৰ্মায়ো নাৰী দিৱস উপলক্ষ্যে চমু বক্তব্য ৰাখে। মহাবিদ্যালয়ৰ ভালেমান অধ্যাপক-অধ্যাপিকা, ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ অন্তত শলাগৰ শৰাই আগবঢ়াই বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপিকা মায়া দত্তই। আজি ৯ মাৰ্চৰ পুৱা ১০:৪৫ বজাত মহাবিদ্যালয়ৰ নতুন সভাকক্ষত অনুষ্ঠিত বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে  মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° দিলীপ কলিতাই । 


 

মহিলাকোষৰ সমন্বয়ক ড° মধুলিমা চলিহাই আঁত ধৰা তথা উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° মৃন্ময়ী ভট্টাচাৰ্য্যয়ো নাৰী দিৱস উপলক্ষ্যে চমু বক্তব্য ৰাখে। সভাত নাৰী দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা মাতৃত্ব বিষয়ক ৰীল নিৰ্মাণ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত ছাত্ৰী গৰিমা বৰা, এনিশা কলিতা আৰু ৰোজ্‌লীনা নাৰ্গিছৰ লগতে অংশগ্ৰহণকাৰী ছাত্ৰ- ছাত্ৰীসকলকো উদ্গনিমূলক পুৰস্কাৰ প্ৰদান কৰা হয়। লগতে সভাত উপস্থিত দৰ্শকৰ জনপ্ৰিয়তাৰ ভিত্তিত প্ৰতিযোগী চন্দ্ৰামিতা তালুকদাৰলৈ 'দৰ্শকৰ নিৰ্বাচিত জনপ্ৰিয় বঁটা'  প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হয় । ৰীল নিৰ্মাণ প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদানৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতালৈ পঠিওৱা ৰীলসমূহ প্ৰদৰ্শন কৰা হয় আৰু ইয়াৰ আঁত ধৰে মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা ড° প্ৰিয়াংকা ব্যানাৰ্জীয়ে। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° হিমাশ্ৰী বৰ্মনে।

No comments

Powered by Blogger.