Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

নৃত্য, গীত প্ৰতিযোগিতাৰে ৰাণীৰ ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মূখ্য কাৰ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন


 
গুৱাহাটী, ১০  মাৰ্চ :: কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত  ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। নাৰী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত  অনুষ্ঠানত সঞ্চালনা কৰি ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী তথা বেটেলিয়ানৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ সহধৰ্মিনী  মেধা ঝাই ভাষণ প্ৰসংগত আন্তৰ্জাতিক  নাৰী দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰি  কয় যে পুৰুষৰ সমান্তৰালভাৱে দেশৰ সন্মুখত থকা বিভিন্ন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত মহিলাসকলেও আগভাগ লৈছে। আনহাতে নাৰী দিৱসৰ লগত সংগতি ৰাখি বাহিনীটোৰ  মহিলা , যুৱতী আৰু পৰিয়ালৰ কন্যা শিশুসকলে মেহেন্দী, ৰংগোলী , গীত, নৃত্য পৰিৱেশন কৰাৰ লগতে  স্কিট, আৰু পৰম্পৰাগত সাজ-পোছাক আৰু সাংস্কৃতিক  প্ৰতিযোগিতাটো ভাগ লয় ।  অনুষ্ঠানৰ  অন্তত সভানেত্ৰী  মেধা ঝাই  সাংস্কৃতিক  প্ৰতিযোগিতাত শীৰ্ষ স্থান দখল কৰা মহিলা সকলক পুৰস্কৃত কৰে । অনুষ্ঠানত ছেকেণ্ড - ইন- কমাণ্ড অমিত সিনহাৰ সহধৰ্মিনী মনীষা সিনহা, ডেপুটী  কমাণ্ডেণ্ট বিৰাট কুমাৰ সিঙৰ সহধৰ্মিনী পূজা সিংসহ বাহিনীটোৰ বিষয়া-জোৱানৰ পৰিয়ালৰ  মহিলা সদস্যা আৰু শিশুসকল উপস্থিত আছিল।

No comments

Powered by Blogger.