গুৱাহাটী বিশ্ববিদ্যালয়ত 'ভূপেন্দ্ৰ ভুৱন: শতবৰ্ষৰ সোঁৱৰণ' শীৰ্ষক অনুষ্ঠান
গুৱাহাটী, মাৰ্চ ২৭, ২০২৬ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ’ৰ গৱেষক ফ’ৰাম আৰু বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ২৬ আৰু ২৭, ২০২৬ তাৰিখে আয়োজিত 'ভূপেন্দ্ৰ ভুৱনঃ শতবৰ্ষৰ সোঁৱৰণ' শীৰ্ষক বিশেষ অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়।
উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈয়ে 'Bhupen Hazarika: The Eternal Wanderer' শীৰ্ষক স্মৰণিকা উন্মোচন কৰি হাজৰিকাদেৱৰ জীৱনৰ ওপৰত আলোচনা কৰে। অনুষ্ঠানত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মুকুল চক্ৰৱৰ্তীয়ে শুভকামনামূলক ভাষণ আৰু ভূপেন হাজৰিকাদেৱৰ লগত তবলা সংগত কৰা বিশিষ্ট তবলাবাদক শিল্পী সূৰ্য্য গোস্বামীয়ে সন্মানীয় অতিথিৰ ভাষণ প্ৰদান কৰে।
বিভাগৰ মুৰব্বী অধ্যাপক অনুৰাধা শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা উদ্বোধনী অনুষ্ঠানত লোক সংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক পদ্মশ্ৰী অনিল কুমাৰ বড়ো সমন্বিতে অধ্যাপক দিলীপ বৰা, উপাচাৰ্যৰ সচিব আৰু জনসম্পৰ্কৰক্ষী বিষয়া ড° মৃণাল জ্যোতি ডেকা, উপাচাৰ্যৰ বিশেষ কৰ্তব্যৰত বিষয়া ড° সঞ্জয় কুমাৰ দত্ত, অন্য অধ্যাপক, গৱেষক আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। উক্ত অনুষ্ঠানতে হাজৰিকাদেৱৰ জীৱনৰ বিভিন্ন ক্ষণ সামৰি প্ৰস্তুত কৰি উলিওৱা প্ৰদৰ্শনীৰো উদ্বোধন কৰা হয়।
ড° ধূৰ্জ্জটি শৰ্মাই সঞ্চালনা কৰা 'ভূপেন্দ্ৰ ভুৱনঃ শতবৰ্ষৰ সোঁৱৰণ' শীৰ্ষক এক আলোচনা চক্ৰত ড° অনুপ ডেকা (সহকাৰী অধ্যাপক, কর্মশ্রী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়), মনজিৎ ৰাজকোঁৱৰ (সংবাদ পৰিৱেশক আৰু লেখক), ড° পংকজ জ্যোতি গগৈ (সহযোগী অধ্যাপক, আর্য্য বিদ্যাপীঠ মহাবিদ্যালয়) আৰু ড° স্তুতি গোস্বামী (সহযোগী অধ্যাপক, দ্য আছাম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়)য়ে আলোচক হিচাপে অংশগ্ৰহণ কৰি ড⁰ ভূপেন হাজৰিকাদেৱৰ ব্যক্তিত্ব, জীৱন-দৰ্শন, চিন্তা-চেতনা আৰু অসমীয়া সমাজ-সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানক স্মৰণ কৰে। আলোচনা চক্ৰত হাজৰিকাদেৱৰ সাহিত্যিক সৃষ্টিশীলতা, সমাজমুখী আদৰ্শ আৰু সুদূৰপ্ৰসাৰী চিন্তাধাৰাৰ বিষয়ে গভীৰভাবে আলোকপাত কৰা হয়।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড⁰ ভাৰতী ভৰালীয়ে 'সাংবাদিকতা আৰু চলচ্চিত্ৰত ভূপেন হাজৰিকা' বিষয়ত গভীৰ আৰু তথ্যসমৃদ্ধ বক্তব্য আগবঢ়ায়। নিজৰ বক্তব্যত তেওঁ বিষয়ৰ লগত সংগতি ৰাখি হাজৰিকাদেৱৰ বহুমুখী প্ৰতিভা আৰু সমাজৰ প্ৰতি থকা তেওঁৰ গভীৰ দায়বদ্ধতাৰ কথা বিশদভাৱে আলোচনা কৰে।
বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই বাৰেবৰনীয়া সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰি উল্লেখ কৰে যে, "ড° ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰাজি কেৱল সংগীতৰ মাজতেই সীমাবদ্ধ নহয়। হাজৰিকাদেৱৰ গান, চিন্তা আৰু দৃষ্টিভংগীয়ে সমাজ, মানৱতা আৰু সংস্কৃতিক এক নতুন দিশ দেখুৱাই আহিছে। তেখেতৰ সৃষ্টি আমাৰ জাতীয় চেতনা আৰু সাংস্কৃতিক পৰিচয়ৰ এক অমূল্য সম্পদ, যিয়ে নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি থাকিব।”
২৮ মাৰ্চত 'ভূপেন হাজৰিকাঃ সৃষ্টি, গতি আৰু দৰ্শন' শীৰ্ষক মুকলি আলোচনাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হ’ব, য’ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১০ গৰাকী গৱেষক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত কথা, গীত আৰু কবিতাৰ যুগলবন্দী অনুষ্ঠান অনুষ্ঠিত হ’ব।
দিনটোৰ আন এক বিশেষ আকৰ্ষণ হিচাপে অসমৰ খ্যাতনামা চিত্ৰশিল্পীসকলৰ অংশগ্ৰহণেৰে ‘ভূপেন হাজৰিকাৰ জীৱন বৈচিত্ৰ্য’ শীৰ্ষক চিত্ৰ অংকন কাৰ্যসূচী অনুষ্ঠিত হ’ব। তদুপৰি আবেলি ২.৩০ বজাৰ পৰা 'গণমাধ্যম আৰু ভূপেন হাজৰিকা' শীৰ্ষক মুকলি আলোচনা অনুষ্ঠিত হ’ব।


No comments