Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'বিশ্ববিদ্যালয় সপ্তাহ'ৰ সফল সমাপ্তি


 
গুৱাহাটী, মাৰ্চ ২, ২০২৬ : যুৱ শক্তিৰ উৎসাহ, সৃজনশীলতাৰ ৰং আৰু ক্ৰীড়া উদ্যমৰ সুৰেৰে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা A+ স্বীকৃতিপ্ৰাপ্ত তথা অসমৰ সমাজ জীৱনৰ গুৰিধৰোঁতা গুৱাহাটী বিশ্ববিদ্যালয়ত সৃজনশীলতা, ক্ৰীড়া প্ৰতিভা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সুন্দৰ সমাহাৰৰ মাজেৰে আঠদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ববিদ্যালয় সপ্তাহৰ সফল সমাপ্তি হয়। 

মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাক প্ৰশংসা কৰি উল্লেখ কৰে যে, "বিশ্ববিদ্যালয় সপ্তাহে শিক্ষাৰ্থীসকলৰ অসীম সম্ভাৱনা আৰু সুপ্ত প্ৰতিভাক প্ৰদৰ্শন কৰিবলৈ এক উপযুক্ত মঞ্চ প্ৰদান কৰে। ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰত সকলোৰে উৎসাহ, শৃংখলা আৰু নিষ্ঠাই বিশ্ববিদ্যালয়ৰ গৌৰৱ বৃদ্ধি কৰিছে। জয়-পৰাজয়ৰ সীমাৰ বাহিৰত গৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ মানসিকতাইহে শিক্ষা আৰু নেতৃত্বৰ ভেটি গঢ়ি তোলে। মই আশাবাদী যে এই উদ্যম আৰু আত্মবিশ্বাস আগন্তুক দিনবোৰতো সকলোৰে বাবে পথপ্ৰদৰ্শক হৈ থাকিব।"



মুকলি সভাত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতি, উপ ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ কুলদীপ পাটগিৰি, শ্ৰী অংকুৰ ভৰালী (সঞ্চালক, ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়), বিশিষ্ট কণ্ঠশিল্পী ড° মৌচুমী চহৰীয়া, বিশিষ্ট অভিনেত্ৰী চেতনা দাস, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কেন্দ্রীয় কার্যনির্বাহী সমিতিৰ সদস্য হেৰল্ড মোহন সমন্বিতে বিশিষ্ট ব্যক্তিসকল তথা অধ্যাপক- অধ্যাপিকা উপস্থিত থাকে। 

উল্লেখযোগ্য যে বিশ্ববিদ্যালয় সপ্তাহৰ উত্তেজনাপূৰ্ণ আঠদিনত ক্রীড়া, সাহিত্য, সঙ্গীত, নৃত্য, সুকুমাৰ কলাৰ তথা অন্য বিভাগৰ অন্তৰ্গত কুইজ, তৰ্ক, একাংকিকা নাট, কাবাডী, একক অভিনয় আদিকে ধৰি এশতকৈ অধিক প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। জুবিন গাৰ্গৰ সংগীত প্ৰতিযোগিতাত বহুতো শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। 

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকা সমন্বিতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰা 'সাংস্কৃতিক শোভাযাত্ৰা'ত ভাষা, সংস্কৃতি, সাহিত্য, চলচ্চিত্ৰ, ক্রীড়া তথা বিভিন্ন ক্ষেত্ৰক সামৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰময় ইতিহাসক উপস্থাপন কৰা হয়। স্মৃতি, অভিজ্ঞতা আৰু অনুপ্ৰেৰণাৰে সমৃদ্ধ এই আঠদিনীয়া উৎসৱে শিক্ষাৰ্থীসকলৰ মনত ইতিবাচক প্ৰভাৱ পেলাই আগন্তুক দিনবোৰৰ বাবে নতুন উদ্যম আৰু আত্মবিশ্বাসৰ বীজ ৰোপণ কৰে।

No comments

Powered by Blogger.