Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ধাৰাপুৰ মজলী প্ৰাথমিক বিদ্যালয়ত অংগণা নাট্যগোষ্ঠীৰ শিশু নাট কৰ্মশালা

 

গুৱাহাটী ,১২ মাৰ্চ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ অগ্ৰণী নাট্যগোষ্ঠী 'অংগনা' নাট্য গোষ্ঠীৰ শিশু নাট কৰ্মশালাখন অলপতে ধাৰাপুৰ  মজলী প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।  কৰ্মশালাত বিদ্যালয়ৰ  ৪০জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।  উল্লেখ্য  বৰ্তমান শিশু সকলৰ মানসিক আৰু শাৰীৰিক বিকাশত নাট্য চৰ্চাৰ বিষয়ে যে দৰকাৰ সেই কথাটো ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰাৰ লক্ষ্যৰে শিশু নাট কৰ্মশালাখন অনুষ্ঠিত কৰা হৈছিল । 

কৰ্মশালাত অভিনয়ৰ লগতে জ্যোতি সংগীত, ৰাভা সংগীত, চৰিত্ৰায়ন, একাগ্ৰতা, আৰু সাঁধুকথাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়া হয়। আনহাতে কৰ্মশালাৰ নেতৃত্ব দিয়া  অংগনা নাট্য গোষ্ঠীৰ সম্পাদিকা তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক উজ্জ্বলা বৰ্মনে আগন্তুক দিনত এনেদৰে দক্ষিণ কামৰূপৰ বিভিন্ন বিদ্যালয়ত কৰ্মশালাৰ আয়োজন কৰা হব বুলি জানিবলৈ দিয়ে।


 

No comments

Powered by Blogger.