অসম লোকসেৱা আয়োগৰ পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ GUICE ৰ প্ৰচেষ্টাৰ সফলতা
গুৱাহাটী, ফেব্ৰুৱাৰী ১৮, ২০২৬ : সদ্য ঘোষিত ২০২৪ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (CCE)ত উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ Gauhati University Initiative for Competitive Examinations (GUICE)ৰ উদ্যোগত ২০২৪–২৫ বৰ্ষৰ মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ চূড়ান্ত সাক্ষাৎকাৰৰ বাবে আয়োজন কৰা বিনামূলীয়া বিশেষ অনুশীলনী অনুষ্ঠানত অংশ লোৱা তেৰগৰাকী প্ৰাৰ্থীয়ে স্থান লাভ কৰি সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱৰ সবল নেতৃত্ব তথা আশাশুধীয়া প্ৰচেষ্টাত ২০২৪ চনৰ পৰা আৰম্ভ হোৱা GUICE ৰ অধীনত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হয় তথা বিশ্ববিদ্যালয়ৰ Pre-Examination Training Cell-ক পুনৰ গঠন কৰি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। ইয়াৰ প্ৰশিক্ষণ কাৰ্যসূচীটো মূলতঃ দুটা ভাগত বিভক্ত। প্ৰথমটো হৈছে দীৰ্ঘম্যাদী (Long Term) প্ৰশিক্ষণ, য’ত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সামগ্ৰিক আৰু বিস্তৃত পাঠ্যক্ৰমভিত্তিক প্ৰস্তুতি প্ৰদান কৰা হয় আৰু দ্বিতীয়টো হৈছে সাক্ষাৎকাৰ প্ৰস্তুতি কাৰ্যসূচী, যাৰ অন্তৰ্গত ম'ক ইণ্টাৰভিউ আদিৰ জৰিয়তে প্ৰাৰ্থীসকলক ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰা হয়।
প্ৰাৰ্থীসকলৰ সফলতাত শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে, " গুৱাহাটী বিশ্ববিদ্যালয় কেৱল পাঠ্যক্ৰমভিত্তিক জ্ঞান প্ৰদানতেই সীমাবদ্ধ নহয়, ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত মূল্যবোধ, আত্মবিশ্বাস আৰু দায়িত্ববোধ জাগ্ৰত কৰি তেওঁলোকক জাতি গঢ়াৰ যোগ্য নেতৃত্ব হিচাপে গঢ়ি তোলাই আমাৰ অন্তত প্ৰধান লক্ষ্য। GUICE-ৰ জৰিয়তে সুযোগৰ অভাৱত পিছ পৰি থকা বহু প্ৰতিভাৱান শিক্ষাৰ্থীয়ে সঠিক দিশ-নিৰ্দেশনা, সাহস আৰু ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিছে। এইবাৰৰ ১৩ জন প্ৰাৰ্থীৰ সফলতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সামূহিক প্ৰচেষ্টা, শিক্ষক-মাৰ্গদৰ্শকসকলৰ নিষ্ঠা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অক্লান্ত পৰিশ্ৰমৰ এক সুন্দৰ আৰু গৌৰৱময় প্ৰতিফলন। আগন্তুক দিনসমূহত GUICE-ক অধিক সুসংগঠিত আৰু শক্তিশালী কৰি ৰাজ্যখনক যোগ্য, সুদক্ষ আৰু দায়িত্বশীল প্ৰশাসনিক বিষয়া উপহাৰ দিয়াৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব।"
অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীদেৱৰ তত্বাৱধানত অনুষ্ঠিত হোৱা বিশেষ অনুশীলনী কাৰ্যসূচীৰ জৰিয়তে অনিন্দিতা দাস (Rank-13, Assam Civil Sevice), ৰিংকি ৰাণী দাস (Rank-24, Assam Civil Service), অন্তৰীক্ষা শৰ্মা (Rank -5, Assistant Manager (AM)/Assistant industries Officer (A10)/ Superintendent of Industries), মিন্টু নাথ (Rank-2, Assistant Registrar of Cooperative Societies), গিৰিশ পাটোডিয়া (Rank - 8, Assam Finance Service), বিজিত দাস (Rank- 45, Assam Finance Service), হিমাক্ষী বৰুৱা (Rank - 4, Inspector of Taxes), ভাস্কৰ জ্যোতি হাজৰিকা (Rank - 10, Inspector of Taxes), নাছৰিন চাবৰিনা ইছলাম (Rank - 11, Inspector of Taxes), ভিক্টৰ তালুকদাৰ (Rank - 24, Inspector of Taxes), অৰ্ণৱ জ্যোতি শৰ্মা (Rank - 36, Inspector of Taxes), জিতাশা দাস (Rank - 5, Inspector of Labour) আৰু ৰাজীৱ কলিতা (Rank - 4, Assistant Employment Officer) ই সফলতা লাভ কৰে।
পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, "GUICE-ৰ প্ৰশিক্ষণ কাৰ্যসূচীটো কেৱল পৰীক্ষা-কেন্দ্ৰিক নহয়, ই ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস আৰু দায়িত্ববোধ গঢ়ি তোলাৰ এক শক্তিশালী প্ৰয়াস। সদ্য ঘোষিত APSC CCE ফলাফলত ১৩ জন প্ৰাৰ্থীৰ সফলতাই ইয়াৰ সঠিক দিশ-নিৰ্দেশনা আৰু গুণগত প্ৰশিক্ষণৰ মূল্য স্পষ্ট কৰিছে। আগন্তুক দিনসমূহত গুৱাহাটী বিশ্ববিদ্যালয়ক এই ক্ষেত্ৰত এক আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত আমি প্ৰতিশ্ৰুতিবদ্ধ।”
PETC ( Pre-Examination Training Centre)ৰ উপ সঞ্চালক ড⁰ সঞ্জয় কুমাৰ দত্তই প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰি কয় যে, "GUICE আৰু PETC-ৰ প্ৰচেষ্টাত ছাত্ৰ-ছাত্ৰীসকলক সঠিক দিশনিৰ্দেশনা, নিয়মিত অনুশীলন আৰু বাস্তৱমুখী প্ৰশিক্ষণ প্ৰদান কৰাটো আমাৰ মূল লক্ষ্য। সকলো দিশতে সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱৰ দিহা-পৰামৰ্শ আৰু অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীদেৱৰ তত্বাৱধানৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশাবাদী, অনাগত দিনতো একেদৰেই আমি শিক্ষাৰ্থীসমাজৰ বাবে বিভিন্ন পদক্ষেপ হাতত লবলৈ সক্ষম হম।"
প্ৰাৰ্থীসকলৰ সফলতাত কাৰ্যক্ৰম সমন্বয়ক বিদ্যাৰ্থী মহন্ত সমন্বিতে বিশ্ববিদ্যালয় পৰিয়ালবৰ্গই সকলোকে অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যতৰ বাবে শুভেচ্ছা জনায়।


No comments