Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

লেখিকা বাবিতা পলৰ ইংৰাজী কবিতা সংকলন 'A Circus of Quiet Thought' উন্মোচন

 

 

গুৱাহাটী , ১৭ ফেব্ৰুৱাৰী : লেখিকা আৰু বিশিষ্ট  কবি বাবিতা প’লৰ ইংৰাজী  কবিতা সংকলন  'A Circus of Quiet Thoughts'  ১৫ ফেব্ৰুৱাৰীত  সন্ধিয়া গুৱাহাটীৰ আঠগাওঁস্থিত  ষ্টিল হাউছত আয়োজিত এক  অনুষ্ঠানত উন্মোচন কৰা হয়। বহু সাহিত্যিপ্ৰেমীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত  বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কবিতা সংকলনখন উন্মোচন কৰে সাহিত্যিক  দীপক শৰ্মা, শ্বেইখ মহম্মদ ছাবাহ আল আহমেদ, বিশালদ্বীপ কাকতি, আৰু ডঃ মণ্টু প’লে । 

 আনহাতে ৰাহুলৰ ৰোহপলে সঞ্চালনা কৰা অনুষ্ঠানটোত কবি জীত পাঠকৰ সৈতে  লেখিকা বাবিতা পলৰ এক  আলাপ-আলোচনা অনুষ্ঠিত হয় ।  য’ত  কবিতা সংকলনখনৰ সৃষ্টি প্ৰক্ৰিয়া আৰু বিষয়বস্তু সন্দৰ্ভত  আলোচনা আগবঢ়োৱা হয়।  অনুষ্ঠানত  দেৱিকা দাস আৰু দেৱাংশ দে’ৰ মনোমোহা শিল্প-প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত লেখিকা , কবি বাবিতা পলে কবিতা সংকলনখন সন্দৰ্ভত নিজৰ অনুভৱ প্ৰকাশ কৰি কয় যে A Circus of Quiet Thoughts হৈছে এক মননশীল কবিতা সংকলন ।

No comments

Powered by Blogger.