Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন


 

 
গুৱাহাটী ,২৩ ফেব্ৰুৱাৰী : জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ  ত্ৰিংশ বৰ্ষৰ দশমখন বৈঠক ২২ ফেব্ৰুৱাৰীত  সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত গুৱাহাটী বিশ্ববিদ্যালয়  আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । সমিতিৰ সদস্যাসকলৰ সংগীতেৰে শুভাৰম্ভ হোৱা  সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু বিগত সভাৰ প্ৰতিবেদন পাঠ কৰে সম্পাদিকা গীতিকা দাসে।  
 
সভাৰ আৰম্ভণিতে বিশিষ্ট সাংবাদিক ,  প্ৰাগজ্যোতিষ সাপ্তাহিক কাকতৰ মূখ্য সম্পাদক  ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তী, সংগীত নাটক একাডেমী বঁটা প্ৰাপক , বিশিষ্ট বেহেলা বাদক মিনতি খাউণ্ড, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক  প্ৰকাশ শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে। সভাৰ আৰম্ভণিতে নতুন সমিতি গঠন হয়।  স্বৰচিত লেখা পাঠ অনুষ্ঠানত স্বৰচিত কবিতা পাঠ কৰে ৰঞ্জিতা ভট্টাচাৰ্য, পূৰৱী ফুকন, মামণি শৰ্মা, মণিৰূপা মিশ্ৰই আৰু কবি ড০ অৱনী কুমাৰ ভাগৱতীৰ কবিতা পাঠ কৰে অৰ্পণা দেৱীয়ে।
 
 উপদেষ্টা ড০ অপৰাজিতা বৰকটকী আৰু ৰুণুমী নাথে গীত পৰিৱেশন কৰে। প্ৰৱন্ধ পাঠ কৰে বৈজয়ন্তী ৰাভাই। উপদেষ্টা তথা কামৰূপ মহানগৰ জিলাৰ প্ৰাক্তন সভানেত্ৰী নন্দিতা চলিহাই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ ওপৰত বক্তব্য ৰাখি অসমীয়া ভাষাৰ সম্বৃদ্ধিশালী ইতিহাস আৰু সংকটকালীন সময়খিনিৰ আলোকপাত কৰি ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰাপ্ত এই ভাষাক লৈ গৌৰৱ প্ৰকাশ কৰে। শাখাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ড০ লীলাৱতী শইকীয়া বৰাই সকলোলৈ শুভেচ্ছা প্ৰেৰণ কৰি স্বৰচিত কবিতা পাঠ কৰে। সভানেত্ৰীৰ মন্তব্যত প্ৰজ্ঞা গোস্বামীয়ে শাখা সমিতিখন প্ৰতিষ্ঠাৰ আৰঁত প্ৰতিষ্ঠাপক সভানেত্ৰী, সম্পাদিকা সকলৰ শ্ৰম আৰু ত্যাগ স্বীকাৰ কৰি তেওঁলোকৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ কথা প্ৰকাশ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই মণিৰূপা মিশ্ৰই । 

No comments

Powered by Blogger.