কৃষ্ণচূড়া নগৰীত 'বিশ্ববিদ্যালয় সপ্তাহ'ৰ বতাহ
গুৱাহাটী, ফেব্ৰুৱাৰী ২৩, ২০২৬ : যুৱ শক্তিৰ উৎসাহ, সৃজনশীলতাৰ ৰং আৰু ক্ৰীড়া উদ্যমৰ সুৰেৰে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা A+ স্বীকৃতিপ্ৰাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ত সৃজনশীলতা, ক্ৰীড়া প্ৰতিভা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সুন্দৰ সমাহাৰৰ মাজেৰে সোমবাৰৰ পৰা বিশ্ববিদ্যালয় সপ্তাহৰ আৰম্ভণি হয়।
উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰি পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই উল্লেখ কৰে যে, "বিশ্ববিদ্যালয় সপ্তাহ কেৱল মাত্ৰ উৎসৱ নহয়, ই হৈছে যুৱ শক্তিৰ আত্মপ্ৰকাশৰ এক গৌৰৱময় মঞ্চ, য’ত সৃষ্টিশীলতা, ক্ৰীড়া মনোভাৱ আৰু সাংস্কৃতিক ঐক্যৰ সমন্বয়ে শিক্ষাৰ্থীসকলৰ সুপ্ত প্ৰতিভাক বিকাশৰ সুযোগ প্ৰদান কৰে। বিশ্ববিদ্যালয় সপ্তাহে ঐক্য, শৃংখলা আৰু পৰিশ্ৰমৰ মূল্যবোধ জাগ্ৰত কৰি আগন্তুক প্ৰজন্মক দায়িত্বশীল আৰু সৃজনশীল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰেৰণা যোগায়।”
উল্লেখযোগ্য যে বিশ্ববিদ্যালয় সপ্তাহৰ উত্তেজনাপূৰ্ণ আঠদিনত ক্রীড়া, সাহিত্য, সঙ্গীত, নৃত্য, সুকুমাৰ কলাৰ তথা অন্য বিভাগৰ অন্তৰ্গত কুইজ, তৰ্ক, একাংকিকা নাট, কাবাডী, একক অভিনয় আদিকে ধৰি এশতকৈ অধিক প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব।
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড⁰ হেমন্ত কুমাৰ নাথ, তথ্য আৰু প্ৰযুক্তি অনুষদৰ ডীন অধ্যাপক শিখৰ কুমাৰ শৰ্মা, ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতি, অধ্যাপক ৰাতুল মহন্ত, উপাচাৰ্যৰ সচিব আৰু জনসম্পৰ্কৰক্ষী বিষয়া ড⁰ মৃণাল জ্যোতি ডেকা, অধ্যাপক-অধ্যাপিকা, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি গুঞ্জন ডেকা, সাধাৰণ সম্পাদক প্ৰবাল জ্যোতি শৰ্মা সমন্বিতে সমূহ বিষ়য়ববীয়া আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।




No comments