কেইৰ্ণৰ উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
বিজ্ঞান মডেল প্ৰদৰ্শনী প্ৰতিযোগিতা
গোলাঘাট,ফেব্ৰুৱাৰী ২৮, ২০২৬ : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে গোলাঘাটৰ বৰপথাৰ ছোৱালী হাইস্কুলত বেদান্ত গ্ৰুপৰ অংশ কেইৰ্ণ অইল এণ্ড গেছৰ উদ্যোগত অনুষ্ঠিত বিজ্ঞান মডেল প্ৰদৰ্শনী প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলৰ এক অনন্য বৈজ্ঞানিক মনোভাৱপূৰ্ণ অভিনৱ চিন্তা, সৃজনশীল দৃষ্টিভংগী আৰু দীপ্ত বৈজ্ঞানিক প্ৰতিভা প্ৰকাশ পায়। উক্ত কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলৰ বিজ্ঞানৰ প্ৰতি কৌতূহল জাগ্ৰত কৰাৰ লগতে অনুসন্ধানমূলক চিন্তাধাৰাৰ দিশে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।
উল্লেখযোগ্য যে, বিভিন্ন অঞ্চলৰ দহখন বিদ্যালয়ৰ পৰা অহা শিক্ষাৰ্থীসকলে উৎসাহ আৰু আগ্ৰহেৰে অংশগ্ৰহণ কৰি বিভিন্ন বিজ্ঞান মডেল প্ৰদৰ্শন কৰে। তেওঁলোকৰ মডেলসমূহত দৈনন্দিন জীৱনত দেখা পোৱা সমস্যাৰ সহজ আৰু ব্যৱহাৰিক সমাধান সুস্পষ্টভাৱে দেখা যায়।উক্ত সৃষ্টিসমূহে দেখুৱাই দিয়ে যে বিজ্ঞান কেৱল পাঠ্যপুথিত সীমাবদ্ধ নহয়, বৰং আমাৰ দৈনন্দিন জীৱনৰ সৈতে ওত:প্ৰোতভাৱে জড়িত আৰু বাস্তৱ জীৱনত উপযোগী বিষয়।
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস প্ৰতিবছৰে ২৮ ফেব্ৰুৱাৰীত ন’বেল বিজয়ী বিজ্ঞানী চি. ভি. ৰমনে আৱিষ্কাৰ কৰা ‘ৰমন প্ৰভাৱ’ৰ স্মৃতিত এই দিৱস উদযাপন কৰা হয়। ২০২৬ চনৰ মূল বিষয়বস্তু 'Women in Science: Catalysing Viksit Bharat' ক গুৰুত্ব প্ৰদান কৰি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত মহিলা আৰু কিশোৰীসকলৰ অৱদান আৰু সক্ৰিয় ভূমিকাক বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।
ছোৱালী হাইস্কুলত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো চলিত বৰ্ষৰ বিষয়বস্তুৰ সৈতে পূৰ্ণ সামঞ্জস্য ৰাখি সৰু ছোৱালীবোৰক শৈশৱৰ পৰাই বিজ্ঞানৰ সৈতে গভীৰ আৰু সক্ৰিয় সম্পৰ্ক স্থাপন কৰিবলৈ অনুপ্ৰাণিত কৰা হয়। বিজ্ঞানক কেৱল পাঠ্যপুথিৰ বিষয় হিচাপে নহয়, নিজৰ সম্ভাৱনা বিকাশৰ এক শক্তিশালী মাধ্যম হিচাপে চাবলৈ এই আয়োজনটোৱে ছাত্ৰীসকলক উৎসাহ যোগায়। মহিলা সশক্তিকৰণ আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নৰ প্ৰতি নিজৰ অবিচল প্ৰতিশ্ৰুতিৰ অংশ হিচাপে কেইৰ্ণে এই মঞ্চৰ জৰিয়তে ছাত্ৰীসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি, অনুসন্ধানী মানসিকতাৰ বিকাশ আৰু বৈজ্ঞানিক শিক্ষাৰ প্ৰতি দীপ্ত আগ্ৰহ সৃষ্টিত গুৰুত্ব আৰোপ কৰে আৰু এই পদক্ষেপ কেৱল বিদ্যালয় স্তৰতেই সীমাবদ্ধ নাথাকি দেশৰ সামগ্ৰিক উন্নয়ন, নৱ-প্ৰজন্মৰ ক্ষমতায়ন আৰু বিকশিত ভাৰত গঢ়াৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সুদৃঢ়ভাৱে সহায় আগবঢ়ায়। উক্ত প্ৰতিযোগিতাই শিক্ষাৰ্থীসকলৰ মাজত এক সজীৱ আৰু আন্তঃক্ৰিয়াশীল শিক্ষণ পৰিৱেশ সৃষ্টি কৰে, যিয়ে শিক্ষাৰ্থীসকলক পাঠ্যপুথিৰ সীমা অতিক্ৰম কৰি বিজ্ঞানৰ গভীৰতালৈ অনুসন্ধান কৰিবলৈ, উপস্থাপন দক্ষতা বিকাশ কৰিবলৈ আৰু নিজৰ চিন্তাধাৰা আত্মবিশ্বাসেৰে প্ৰকাশ কৰিবলৈ উৎসাহিত কৰে
উক্ত উদ্যোগ কেইৰ্ণৰ অব্যাহত সামাজিক দায়বদ্ধতা আৰু সমাজমুখী কাৰ্যসূচীৰ এক অংশ। ইয়াৰ মূল লক্ষ্য হৈছে সমাজত শিক্ষাৰ মান উন্নত কৰা আৰু শিক্ষাৰ্থীসকলৰ মাজত ভৱিষ্যতমুখী দক্ষতা বিকাশৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰা।



No comments