Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

পশ্চিম গুৱাহাটী মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সাধাৰণ সভা

গুৱাহাটী  ,২০ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ ধাৰাপুৰ চাৰিআলিস্থিত ঐতিহ্যমণ্ডিত পশ্চিম গুৱাহাটী মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ এখন সাধাৰণ সভা অহা ১৫ মাৰ্চত দিনৰ ১০.৩০ বজাত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হ'ব। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ মুখ্য আহ্বায়ক ৰঞ্জন কলিতা আৰু নিতু ৰাজবংশীয়ে জনোৱা মতে এই সাধাৰণ সভাতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ এখন নতুন কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হ'ব, ।

 লগতে পশ্চিম গুৱাহাটী মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সন্মলনীয়ে প্ৰতিবছৰে পালন কৰি অহা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী দিৱস সম্পৰ্কেও সভাত আলোচনা কৰা হ'ব। পশ্চিম গুৱাহাটী মহাবিদ্যালয়ে উদযাপন কৰিবলগীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ কৰণীয় আৰু ভুমিকাৰ সন্দৰ্ভতো বিতং ভাৱে আলোচনা কৰা হ'ব। সেয়েহে ১৫ মাৰ্চত  আহ্বান কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সাধাৰণ সভাত মহাবিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে মুখ্য আহ্বায়ক আৰু আহ্বায়ক মণ্ডলীয়ে।

No comments

Powered by Blogger.