Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামনাথ ঠাকুৰৰ আজাৰাত আই চি এ আৰ - আটাৰি কাৰ্যালয় পৰিদৰ্শন

 

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ  ৰাজ্যিক মন্ত্ৰী  ৰামনাথ ঠাকুৰে আজি আবেলি গুৱাহাটীৰ আজাৰা ৰাণীগেটস্থিত আই চি এ আৰ - আটাৰিৰ ষষ্ঠ মণ্ডলৰ কাৰ্যালয় চৌহদ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আদৰণি জনায় ষষ্ঠ মণ্ডলৰ সঞ্চালক ডঃ জি কাদিৰভালে। আনহাতে পৰিদৰ্শন কালত কেন্দ্ৰীয় মন্ত্ৰী ৰামনাথ ঠাকুৰে সঞ্চালককে ধৰি বিষয়া আৰু কৃষি বিজ্ঞানী সকলৰ সৈতে মিলিত হৈ ষষ্ঠ মণ্ডলৰ প্ৰতিষ্ঠানিক কাম-কাজ, কৰ্মচাৰীৰ কল্যাণ, গৱেষণাৰ অগ্ৰগতি, আৰু সম্প্ৰসাৰণৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

 মন্ত্ৰী গৰাকীয়ে বিষয়া আৰু বিজ্ঞানীসকলক  প্ৰতিষ্ঠানটোক এক সুকীয়া পৰিচয় সৃষ্টি কৰিবলৈ আৰু উৎকৃষ্টতাৰ লক্ষ্য ল’বলৈ আহ্বান জনায় । বিষয়া আৰু বিজ্ঞানীসকলক কৃষকৰ কল্যাণৰ  ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ  লক্ষ্য কেৱল বিষয় উত্থাপন কৰাই নহয় পৰিস্থিতি সলনি কৰা। আনহাতে  ষষ্ঠ মণ্ডলৰ সঞ্চালক ড০ জি কাদিৰভেলে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক প্ৰতিষ্ঠানটোৰ মূল কৃতিত্বসমূহৰ ওপৰত আলোকপাত কৰে। পৰিদৰ্শন কালত  ৰাণীৰ আই চি এ আৰ-এন আৰ চিৰ সঞ্চালক ড০ ভি কে গুপ্তা , আজাৰা কাঁহিকুছিত থকা আই চি এ আৰ-চি পি চি আৰবআইৰ মুৰব্বী ড০ আল্পনা দাস আৰু  ষষ্ঠ মণ্ডলৰ শীৰ্ষ বিষয়া - বিজ্ঞানী উপস্থিত থাকে।

No comments

Powered by Blogger.