Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ উদ্যোগত ১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ


 
গুৱাহাটী ,১২ ফেব্ৰুৱাৰী: অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান চমুকৈ এ - এছ - আৰ- এল - এম ৰ যুটীয়া উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ দ্বাৰা  আয়োজিত  কৃষি সামগ্ৰী ব্যবসায়ীৰ ১৫ দিনীয়া এটা প্ৰশিক্ষণ যোৱা ৯ ফেব্ৰুৱাৰীৰ পৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞানী কেন্দ্ৰত অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰধানত: অসমৰ মুঠ ১৯ খন জিলাৰ ৫৮ টা মহিলা কৃষক উৎপাদক কোম্পানীৰ সঞ্চালক মণ্ডলীৰ একোগৰাকীকৈ প্ৰতিনিধি নিৰ্বাচন কৰি প্ৰশিক্ষণ দিয়াৰ ব্যবস্থা কৰা হৈছে। 


 

শিবিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ উদ্যান শস্য সঞ্চালকাল়য়ৰ সঞ্চালক  নৃপেন দাস আৰু  এ-এছ - আৰ -  এল - এম  ৰ অসম ৰাজ্যিক প্ৰকল্প  পৰিচালক  ধ্ৰুৱজ্যোতি গগৈয়ে। অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে চি বি ও ৰ সঞ্চালক  তথা প্ৰধান বিজ্ঞানী ডঃ ধীৰেন্দ্ৰ নাথ কলিতা আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ জ্যেষ্ঠ বিষ়যা মানবেন্দ্ৰ নাথ শৰ্মাই ।

 যোৱা ৯ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা এই প্ৰশিক্ষণৰ  উদ্বোধনী অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ডঃ সোনমইনা ভূঞাই  প্ৰশিক্ষণৰ উদ্দশ্যে ও আদৰণি ভাষণ আগ বঢ়ায় ।প্ৰশিক্ষণটোত পাঠ্যক্ৰম সঞ্চালক হিচাপে  অৰূপ কুমাৰ শৰ্মা আৰু পাঠ্যক্ৰম সমন্বয়ক হিচাপে  মধুস্মিতা ডেকা জৰিত হৈ থাকে।উদ্ধোধনী অনুষ্ঠানটোৰ আঁত ধৰে অৰূপ কুমাৰ শৰ্মাই আৰু শেষত শলাগৰ শৰাইৰ আগ বঢ়াই মধুস্মিতা ডেকাই।

No comments

Powered by Blogger.