আজি দীপৰ বিলত সমূহীয়া মৎস চিকাৰৰ প্ৰস্তুতি ; সাজু কৰিছে নাওঁ, জালসহ মাছ ধৰা সা - সজুঁলি
গুৱাহাটী ,৩ জানুৱাৰী : মহানগৰীৰ পশ্চিম প্ৰান্তৰ অন্যতম জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিলত বিগত বছৰবোৰৰ দৰে এইবেলিও ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ অৰ্থাৎ ৪ জানুৱাৰীত বিলৰ দাঁতি কাষৰীয়া কেবাখনো গাঁৱৰ মাছমৰীয়া লোকসকলে সমূহীয়াভাবে মৎস চিকাৰ বা মাছ মৰাৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে।
ইতিমধ্যে মাছমৰীয়া সকলে নিজৰ নিজৰ নাওঁ সমূহ মেৰামতি কৰি পানীত চলাচল কৰাৰ বাবে সাজু কৰি তুলিছে। একেদৰে জাল, লাঙিসহ মাছ ধৰা কাৰ্যত ব্যৱহৃত সা - সজুঁলি সমুহো সাজু কৰিছে। উল্লেখ্য যে শৃংখলাবদ্ধভাবে মাছ মৰাৰ ক্ষেত্ৰত সদায় আগভাগ লৈ আহিছে মাছমৰীয়া সকলৰ উন্নয়নৰ হকে কাম কৰি অহা একমাত্ৰ আৰু উমেহতীয়া সংগঠন "দীপৰ বিল পাছপাৰা সমবায় সমিতি"য়ে। জানিব পৰামতে এই মাছ ধৰা উৎসৱ নতুন ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ তথা ৪ জানুৱাৰীত ৰাজহুৱাকৈ শৃংখলাবদ্ধভাবে শুভাৰম্ভ কৰা হব ।
জন্মলগ্নৰে পৰা সমিতিখনে বিলৰ লগতে বৃহত্তৰ আজাৰা অঞ্চলৰ মাছমৰীয়া সকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। যাতে বিলখনো প্ৰদূষণমুক্ত পৰিবেশত সংৰক্ষিত হৈ থকাৰ লগতে যুগ যুগ ধৰি বিলত পৰম্পৰাগতভাবে চলি থকা মাছ ধৰা অধিকাৰ অক্ষুণ্ণ হৈ থাকে। কিয়নো বৃহত্তৰ আজাৰা অঞ্চলৰ কেওটপাৰা মেধিপাৰা, হীৰাপাৰা, হাতুৱাপাৰা , নোৱাপাৰা, মাটিয়া, নতুনবস্তি, বৰবৰী আদি গাঁও কেইখনৰ অনুসূচিত জাতিৰ প্ৰায় ৮০০ টা মাছমৰিয়া পৰিয়ালে যুগ যুগ ধৰি দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। এই পৰিয়াল সমূহৰ কল্যাণৰ বাবে গঠন হোৱা সমিতিখনে প্ৰতি বছৰে বাৰিষাৰ সময়ত শাওন মাহত দীপৰ বিলত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়ে।
তাৰ ছয়মাহ পাছতহে দীপৰ বিলত ইংৰাজী নতুন বছৰৰ প্ৰথমটো দেওবাৰত পুৱতি নিশাৰে পৰা যাবতীয় ৰীতি-নীতিৰে পূজা অৰ্চনা কৰি বিলত মাছ ধৰা পৰ্ব আৰম্ভ হয়। সমিতিখনে মাছৰ পোনা এৰি দিয়াৰ পৰা আৰম্ভ কৰি বিলৰ উন্নয়নৰ যাবতীয় কাম - কাজ সমূহ সম্পন্ন কৰাৰ বাবে ৰচিদৰ বিপৰীতে বছৰেকত মাত্ৰ ৫০০ টকাকৈ সংগ্ৰহ কৰে। আনহাতে মাছ ধৰা পৰ্ব উপলক্ষে দীপৰ বিলৰ পাৰত আজাৰাৰ দিশত দেওবাৰৰ দিনা পুৱতি নিশাৰে পৰা সৃষ্টি হব উখল মাখল পৰিৱেশ। এই পৰিবেশ অহা মাঘ বিহুৰ উৰুকাৰ সময়লৈকে অব্যাহত থাকিব
উল্লেখ্য যে সোৱাদৰ বাবে বিখ্যাত দীপৰ বিলত মাছ মৰাৰ সময়ত পুৱাৰে পৰা মাছ কিনিবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ লোকে ভিৰ কৰে । এইবাৰো তাৰ ব্যতিক্রম নহব বুলি আশা কৰা হৈছে। ইফালে বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰিয়া লোকসকলে পৰম্পৰা অনুসৰি কোনোদিনে ওজনত মাছ বিক্ৰী নকৰে। স্থানীয় ভাষাত আচকা ভাওতহে মাছ বিক্ৰী কৰি আহিছে।

No comments