দ্বি-ভাষিক ই আলোচনী "শৰাইঘাট উন্নাভ" উন্মোচন
গুৱাহাটী,১২ জানুৱাৰী : সুলেখিকা মণিৰূপা মিশ্ৰৰ সম্পাদনা আৰু পল্লৱ চৌধুৰীৰ সহ সম্পাদনাৰে প্ৰস্তুত কৰা ' শৰাইঘাট উন্নাভ' শীৰ্ষক দ্বি-ভাষিক ই- আলোচনী এখন ট্ৰাতৃ ডিজিটেল প্লেটফৰ্মত ১১ জানুৱাৰীত উন্মোচন কৰা হয়। গুগল মীট যোগে আলোচনীখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই । আনহাতে গুগুল মীট মাধ্যমৰ দ্বাৰা অনুষ্ঠিত হোৱা সভাত উন্মোচনী ভাষণ প্ৰদান কৰি দেৱজিৎ বৰাই কয় যে অসমীয়া ভাষা সাহিত্য বিশ্ব প্ৰসাৰিত হ'বলৈ হ'লে বৰ্তমান এনে ইলেকট্ৰনিকছ মাধ্যমৰ প্ৰয়োজন আছে।
অসমীয়া ভাষা সাহিত্য চৰ্চা আৰু প্ৰসাৰত সকলোৱে দায়ৱদ্ধ হোৱা দৰকাৰ। সভাত আদৰণী ভাষণ প্ৰদান কৰি আলোচনীখনৰ মূখ্য উপদেষ্টা মৃদুল শৰ্মাই উন্নাভ ই- আলোচনীখনৰ ওপৰত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বৈদেশিক ভাষা বিভাগৰ সহকাৰী অধ্যাপিকা ড০ প্ৰীতি শৰ্মা। ভাষণ প্ৰসংগত তেওঁ কয় যে মানুহৰ আৱেগ অনুভূতি আৰু বৌদ্ধিক চেতনাৰে নিসৃত সৃষ্টিশীল লিখনি আমাৰ সাহিত্যৰ অলংকাৰ। আলোচনীখন সন্দৰ্ভত সম্পাদিকা মণিৰূপা মিশ্ৰই প্ৰকাশ কৰে যে আলোচনীখনত যুৱ প্ৰজন্মৰ নতুন লেখক লেখিকাৰ সৃজনীশীল প্ৰতিভাক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে তেওঁলোকৰ লেখা সমূহক প্ৰাধান্য দিছে ।
ট্ৰাতৃ ইলেকট্ৰনিকছ মাধ্যমত আলোচনীখন উপলদ্ধ কৰি দিয়া বাবে তেওঁ ট্ৰাতৃৰ প্ৰতিষ্ঠাপক ত্ৰিদীপ বৰুৱাৰ শলাগ লয় । অনুষ্ঠানত ত্ৰিদীপ বৰুৱাই ট্ৰাতৃ সন্দৰ্ভত বিতং বক্তব্য দাঙি ধৰে। আলোচনীখনৰ মূখ্য সম্পাদিকা মৃদুস্মিতা শৰ্মা , সহ সম্পাদক পল্লৱ চৌধুৰীৰ লগতে ড০ মনোজ খাউণ্ড, মিন্টু বৈশ্য, ড০ প্ৰশান্ত শৰ্মা, অঞ্জলি দাস, সুকন্যা দাস, ববিতা মালাকাৰ, ড০ জয়ন্ত দেৱ শৰ্মা, অঞ্জুম আৰা হুছেইন, সঞ্জীৱ নাৰায়ণ বৰুৱা, আদি কেইবাগৰাকী সদস্যই বক্তব্য ৰাখে। নাৰায়ণ দাসে গীত আৰু অৰুণ নাথে বাঁহী বাদন কৰে। অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৪০ গৰাকী লোক উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে মণিৰূপা মিশ্ৰই।


No comments