কৃষি প্ৰধান ৰাণী চাপৰিত গৰুৰ টীকাকৰণ শিবিৰ
গুৱাহাটী, ১৬ জানুৱাৰী : পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ধাৰাপুৰৰ সমীপৰ অন্যতম কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰাণী চাপৰিত কৃষক ৰাইজৰ গৰুকে ধৰি পশুধন সমূহ যাতে নিৰোগী হৈ থাকিব পাৰে তাৰ বাবে স্থানীয় আজাৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ ফালৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই পদক্ষেপৰ অংশ হিচাপে মাঘ বিহুৰ উৰুকাৰ প্ৰাকক্ষণত ৰাণী চাপৰিত গৰুৰ চবকা ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰা হয়। জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাঃ গোলক বৈশ্যৰ নেতৃত্বত ক্ষেত্ৰ পশু সহায়কদ্বয় ভৱানী শৰ্মা আৰু বিভূতি শৰ্মাই গো পালক সকলৰ সহযোগত ৩৫০ টা গৰুক চবকা ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰে। এই টীকাকৰণ কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছিল ধাৰাপুৰ গাঁৱৰ চৰকাৰী গাওঁবুঢ়া ধৰ্মকান্ত কলিতাকে ধৰি ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ কৰ্মকৰ্তাসকলে । জানিব পৰা মতে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে ৰাণী চাপৰিত থকা সকলো গৰুকে চবকা ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰা হব।


No comments