কেইৰ্ণৰ উদ্যোগত হস্ততাঁত শিপিনীক মঞ্চ প্ৰদান
গুৱাহাটী, জানুৱাৰী ২৭, ২০২৬ : আজি গোৱাত ভাৰত শক্তি সপ্তাহ ২০২৬ আৰম্ভ হোৱাৰ লগে লগে, বিশ্বৰ নীতি-নিৰ্ধাৰক, উদ্যোগী, উদ্ভাৱক আৰু বিনিয়োগকাৰীসকল শক্তিৰ ভৱিষ্যৎ গঢ়াৰ লক্ষ্যৰে একত্ৰিত হৈছে। এই উপলক্ষে কেইৰ্ণ অইল এণ্ড গেছে শক্তি সুৰক্ষা আৰু বহনক্ষমতাৰ আলোচনাৰ সৈতে একেলগে অন্তৰ্ভুক্তি আৰু তৃণমূল পৰ্যায়ৰ ৰূপান্তৰৰ এক উল্লেখযোগ্য কাহিনীত গুৰুত্ব আৰোপ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ চহকী পৰম্পৰা প্ৰদৰ্শন কৰি, অসমৰ কেইৰ্ণৰ কাৰ্যকৰী এলেকাসমূহৰ পৰা অহা খিলঞ্জীয়া মহিলা শিপিনীসকলক তেওঁলোকৰ পৰম্পৰাগত হাতেৰে বোৱা বস্ত্ৰ বিশ্ব মঞ্চত প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিছে।
'Threads of Assam – Woven by Baidews’ উদ্যোগৰ জৰিয়তে কেইৰ্ণে ভাৰতৰ ফ্লেগশ্বিপ শক্তি সন্মিলনত তেওঁলোকৰ কলা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰাৰ লগতে প্ৰায় ৫,০০০ মহিলা শিপিনীলৈ আৰ্থিক স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে।
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ ২৭ ৰ পৰা ৩০ জানুৱাৰীলৈ অনুষ্ঠিত হৈছে। এই অনুষ্ঠানৰ জৰিয়তে ভাৰত বিশ্ব শক্তি পৰিৱৰ্তনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তথা কেইৰ্ণৰ এই পদক্ষেপে বিশ্ব মঞ্চলৈ এক মানৱীয় আৰু আঞ্চলিক স্পৰ্শ কঢ়িয়াই আনিছে।
কেইৰ্ণৰ সম্প্ৰদায় উন্নয়ন কাৰ্যসূচীৰ সহায়ত অসমৰ বৰচাপৰি আৰু আগচমুৱা হস্ততাঁত কেন্দ্ৰৰ মহিলা উদ্যোগীসকলে গামোচা, মেখেলা-চাদৰ, শাৰী, জেকেট, স্কাৰ্ফ, হস্তনিৰ্মিত বেগ আৰু মুগা-এৰি ৰেচমেৰে তৈয়াৰী বিভিন্ন পৰম্পৰাগত বস্ত্ৰ প্ৰদৰ্শন আৰু বিক্ৰী কৰিছে, যিবোৰে অসমৰ স্বৰ্ণিল সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰে। এই শিপিনীসকল হৈছে ঘৰুৱা উদ্যোগী, যিসকলে কেইৰ্ণৰ চি এছ আৰ উদ্যোগৰ জৰিয়তে প্ৰশিক্ষণ আৰু জীৱিকাৰ সহায় লাভ কৰি নিজৰ পৰম্পৰাগত দক্ষতাক বহনক্ষম আয়লৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে এনেধৰণৰ পদক্ষেপে কেইৰ্ণ অইল এণ্ড গেছৰ সম্প্ৰদায়-নেতৃত্বাধীন উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাক দৃঢ় কৰে। এই উদ্যোগে প্ৰমাণ কৰে যে বহনক্ষমতা কেৱল শক্তিতে সীমাবদ্ধ নহয়, বৰং সম্প্ৰদায় সবলীকৰণ আৰু স্থানীয় অৰ্থনীতি শক্তিশালী কৰাতো ই নিহিত হৈ থাকে।
ভাৰত শক্তি সপ্তাহ ২০২৬ত সুৰক্ষিত আৰু বহনক্ষম শক্তিৰ ভৱিষ্যত গঢ়াৰ আলোচনা চলি থকাৰ মাজতে, এই থলুৱা শিপিনীসকলৰ উপস্থিতিয়ে দেখুৱাইছে যে স্থানীয় পৰম্পৰা, মহিলা-নেতৃত্বাধীন উদ্যোগ আৰু বিশ্বব্যাপী সুযোগ একেলগে আগবাঢ়িলে ভাৰতৰ বিকাশ অধিক শক্তিশালী হ'ব - প্ৰকৃত অৰ্থতেই ই স্থানীয়ৰ পৰা বিশ্ব দৰবাৰলৈ কৰা এক গতিশীল যাত্ৰা।


No comments