Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৌৰৱময় ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন


গুৱাহাটী, জানুৱাৰী ২৬, ২০২৬ :অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ এক অগ্ৰণী প্ৰতিষ্ঠান তথা ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা A+ স্বীকৃতিপ্ৰাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ত সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস তথা বিশ্ববিদ্যালয়ৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। 


ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই সংবিধানৰ মহান আদৰ্শ তথা বিশ্ববিদ্যালয়ৰ গৌৰৱময় ঐতিহ্য আৰু দেশ গঢ়াত যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে, "ভাৰতীয় সংবিধান আমাৰ গণতান্ত্ৰিক মূল্যবোধৰ মূল আধাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰতিষ্ঠালগ্নৰে পৰা এই আদৰ্শসমূহক পালন ধৰি অধ্যয়ন, গৱেষণা আৰু সমাজ গঢ়াৰ ক্ষেত্ৰত এক গৌৰৱময় ভূমিকা পালন কৰি আহিছে। বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ শুভ ক্ষণত সকলোলৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুণ, গৰিমা ভৱিষ্যতেও অক্ষুণ্ণ থাকিব।" 



পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰি শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰি কয় যে, "গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি আমাৰ শৈক্ষিক ঐতিহ্য আৰু দীৰ্ঘদিনীয়া বৌদ্ধিক যাত্ৰাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সময়ৰ সৈতে খাপ খুৱাই গৱেষণা, প্ৰশাসনিক স্বচ্ছতা আৰু শিক্ষাৰ মানদণ্ড উন্নয়নৰ জৰিয়তে বিশ্ববিদ্যালয়খন আগবঢ়াই নিবলৈ আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ।" 

উক্ত অনুষ্ঠানতে বিভিন্ন জাৰ্নেলত প্ৰকাশিত গৱেষণা পত্ৰৰ বাবে শিক্ষাৰ্থী তথা তত্বাৱধায়ক, VC's Karma Kaushal Award, শ্ৰেষ্ঠ শৈক্ষিক হোষ্টেল, শ্ৰেষ্ঠ বাগিচা আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা সকলক সফলতাৰ স্বীকৃতিস্বৰূপে মানপত্ৰ প্ৰদান কৰা হয় লগতে বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী ফ্লাইং অফিচাৰ ড⁰ হেমেন কুমাৰ কলিতাক সন্মান জনোৱা হয়। অনুষ্ঠানৰ অংশস্বৰূপে শ্ৰেণীসমূহৰ সচিব ড⁰ হেমন্ত কুমাৰ নাথেও ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। 

দেশৰ এই গৌৰৱময় দিনটোত ২০২৫ চনৰ NIRF ৰেংকিঙত ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ ভিতৰত নৱম স্থানপ্ৰাপ্ত বিশ্ববিদ্যালয়খনৰ গ্ৰন্থাগাৰ, আৱাস নিবাস আদি বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি সন্মান প্ৰদৰ্শন কৰা হয়। বিশিষ্ট ব্যক্তি, বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থী উপস্থিত থকা উক্ত অনুষ্ঠানটোৰ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে সফল সমাপ্তি ঘটে।


No comments

Powered by Blogger.