Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

আজাৰাত কৃষি বিশ্ববিদ্যালয়ৰ হাট - ভোগালী মেলা


 
গুৱাহাটী,১১ জানুৱাৰী: অসম কৃষি বিশ্ববিদ্যালয়ৰ কাঁহিকুছিস্থিত চৌহদৰ চেণ্ট্ৰেল স্কুলৰ সন্মুখত থকা ভূমিত আজিৰে পৰা আৰম্ভ হৈছে ভোগালী মেলা আৰু হাট।


ভোগালী মেলা আৰু হাট খন উদ্বোধন কৰে অৱসৰী অতিৰিক্ত আয়ুক্ত ভবেন চন্দ্ৰ মেধিয়ে। কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ মধুস্মিতা ডেকাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে সকলোকে আদৰণি জনায়। উদ্বোধক ভৱেন চন্দ্ৰ মেধিয়ে ভোগালী মেলা আৰু হাট খন উদ্বোধন কৰি দিয়া তেঁৱৰ ভাষণত ভোগালী মেলাৰ জৰিয়তে অঞ্চলটোৰ বিভিন্ন ঠাইত থকা অসমীয়া ভাৰাতীয়া পৰিয়ালৰ লগতে বহি: ৰাজ্যৰ লোকসকলেও অসমীয়াৰ মাঘ বিহুৰ বিভিন্ন খাদ্য সম্ভাৰ ক্ৰয় কৰাৰ সুবিধা পাৱ। আনহাতে স্থায়ী ভাৱে আৰম্ভ কৰা হাট অৰ্থাৎ বজাৰাখনত থকা বিপনীত  হস্ততাঁতৰ সামগ্ৰী সহজতে পোৱাৰ ব্যৱস্থাই ৰাইজক উপকৃত কৰিব বুলি আশা কৰে।


 অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী সঞ্চালক ড: ধীৰেন্দ্ৰনাথ কলিতা, কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড: সোনমইনা ভূঞা উপস্থিত থাকি হাট আৰু ভোগালী মেলাৰ তাৎপৰ্য ব্যাখ্যা কৰে।
উল্লেখযোগ্য যে এই ভোগালী মেলা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আৰু আত্মসহায়ক গোটসমূহে ভাগ লৈছে।


আনহাতে হাটখনত স্থায়ীভাৱে থকা চাৰিখন দোকানত থলুৱা ভাৱে উৎপাদিত বিভিন্ন ফুলৰ পুলি,হস্ততাঁতৰ বিভিন্ন কাপোৰ , হাতেৰে তৈয়াৰী সামগ্ৰী , পিঠা- পনা আদি উপলব্ধ হ'ব। ইয়াৰ লগতে অত্যাধুনিক ৰেষ্টুৰেণ্ট এখনো আৰম্ভ কৰা হৈছে।

No comments

Powered by Blogger.