GUICE ৰ উদ্যোগত এ পি এছ চি অসামৰিক সেৱাৰ বাবে বিনামূলীয়া সাক্ষাৎকাৰ অনুষ্ঠানৰ আৰম্ভণি
গুৱাহাটী, ডিচেম্বৰ ২৯ , ২০২৫ :গুৱাহাটী বিশ্ববিদ্যালয়ৰ Gauhati University Initiative for Competitive Examinations (GUICE)ৰ উদ্যোগত ২০২৪–২৫ বৰ্ষৰ এপিএছচি চি চি ই ৰ মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ চূড়ান্ত সাক্ষাৎকাৰৰ বাবে আয়োজন কৰা বিনামূলীয়া বিশেষ অনুশীলনী অনুষ্ঠানৰ ২৯ ডিচেম্বৰ, ২০২৫ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত আৰু অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত ভাৰত ভূষণ দেৱ চৌধুৰীৰ উপস্থিতিত আৰম্ভণি হয়।
বিশেষভাৱে এপিএছচি চি চি ই ৰ ব্যক্তিত্ব পৰীক্ষাৰ আৰ্হিত ৰূপায়ণ কৰা উক্ত অনুষ্ঠানত উদ্বোধকৰ আসন অলংকৃত কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে - "এই ধৰণৰ অনুশীলনীমূলক পদক্ষেপে প্ৰাৰ্থীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে তেওঁলোকক নিজৰ জ্ঞান, ব্যক্তিত্ব আৰু নেতৃত্ব বিকাশৰ সুযোগ প্ৰদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে সদায়ে ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰ আৰু সমাজৰ বাবে দায়িত্বশীল আৰু প্ৰশাসক হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি নিশ্চিতভাৱে সমূহ প্ৰাৰ্থীক মৌখিক সাক্ষাৎকাৰৰ বাবে প্ৰয়োজনীয় সকলো দিশতে সহায় সহযোগ আগবঢ়াই যাম।”
অসম লোকসেৱা আয়োগ (APSC)ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত ভাৰত ভূষণ দেৱ চৌধুৰীৰ তত্বাৱধানত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত তেখেতে অংশগ্ৰহণকাৰী প্ৰাৰ্থীসকলক আত্মবিশ্বাস বঢ়োৱা, উত্তৰ প্ৰদানৰ ধৰণ উন্নত কৰা আৰু মৌখিক পৰীক্ষাত কি আশা কৰা হয় আদি বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহত গুৰুত্ব দিয়াৰ অৰ্থে বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰি সকলোৰে লগত মত বিনিময় কৰে।
অৰ্ধশতাধিক প্ৰাৰ্থীয়ে পঞ্জীয়ণ কৰা উক্ত উদ্বোধনী অনুষ্ঠানত PETC ( Pre-Examination Training Centre)ৰ উপ সঞ্চালক ড⁰ সঞ্জয় কুমাৰ দত্ত আৰু কাৰ্যক্ৰম সমন্বয়ক বিদ্যাৰ্থী মহন্তও উপস্থিত থাকে।


No comments