Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কামৰূপ মহানগৰ জিলাত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ ৰাজ‍্যিক পৰ্যায়ৰ শুভাৰম্ভ




গুৱাহাটী, ১১ ডিচেম্বৰ : ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ ৰাজ‍্যিক পৰ্যায়ৰ শুভাৰম্ভ আজি কামৰূপ মহানগৰ জিলাত অনুষ্ঠিত হয়। ১ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ শিশু সকলক পেলু মুক্ত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী প্ৰতি বছৰে দুবাৰকৈ পালন কৰা হয়। জিলাখনৰ ১-১৯ বছৰৰ শিশু সকলক আজিৰ পৰা ডিচেম্বৰ মাহৰ ১৮ তাৰিখৰ ভিতৰত চৰকাৰী বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত পেলু নিৰ্মূলকৰনৰ উদ্দেশ‍্যে এলবেনডেজল টেবলেট খুওৱা হ’ব। তদুপৰি স্কুল নোযোৱা আৰু স্কুলৰ পৰা বাদ পৰা শিশু সকলকো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই কাৰ্যসূচীৰ অধীনত সামৰি লৈ আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ টেবলেট সেৱন কৰাব। 



জিলাখনৰ অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্র-ছাত্রীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱা অভ্যাস গঢ়ি তোলা আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ গুৰূত্ব সম্পৰ্কেও সজাগতা সৃষ্টি কৰা হ’ব৷ 



মহানগৰৰ উলুবাৰী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত আয়োজিত আজিৰ শুভাৰম্ভণি অনুষ্ঠানৰ শুভাৰম্ভ কৰে সমগ্ৰ শিক্ষা অভিযানৰ মিছন সঞ্চালক ডাঃ ওম প্ৰকাশে। অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বাস্থ‍্য অভিযান অসমৰ বিশেষ কৰ্তব‍্যৰত বিষয়া লখিমী দত্ত, স্বাস্থ‍্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নাৰায়ণ দত্ত শৰ্মা, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল পৰিকল্পনা) ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞা, মহানগৰৰ অতিৰিক্ত আয়ুক্ত ছয়নিকা বুঢ়াগোঁহাই, উলুবাৰী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অধ‍্যক্ষ নিলাক্ষী বৰুৱা, বিদ‍্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, শিক্ষা আৰু সমাজ কল‍্যাণ বিভাগৰ প্ৰতিনিধি, ৰাষ্ট্ৰীয় স্বাস্থ‍্য অভিযানৰ ৰাজ‍্যিক, জিলা আৰু খণ্ডভিত্তিক বিষয়াসকল। 






No comments

Powered by Blogger.