পশ্চিম জালুকবাৰী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দশম প্ৰতিষ্ঠা দিৱস পালন
গুৱাহাটী,১১ ডিচেম্বৰ : অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কামৰূপ মহানগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তর্গত পশ্চিম জালুকবাৰী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দশম প্রতিষ্ঠা দিৱস অলপতে।লংকেশ্বৰস্থিত শ্ৰী শ্ৰীদুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় । এই উপলক্ষে শাখাৰ সভাপতি অৰুণ চন্দ্ৰ কুমাৰে পৰিচালনা কৰা সভাখনৰ আঁত ধৰে সম্পাদক ডঃ: গগনজ্যোতি বৰাই। আৰম্ভণিতে শাখাৰ শিল্পী সকলে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শীৰ্ষ গীত পৰিৱেশন কৰে।
আনহাতে সভাত মুখ্য বক্তা হিচাপে ভাগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ডঃ: মৃদুল কুমাৰ হাজৰিকাই ভাষণ প্ৰসংগত জ্যেষ্ঠ নাগৰিক সকলক সমাজৰ দিক দৰ্শক বুলি অভিহিত কৰে। সভাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি পৃথু ৰাম বৰুৱা , শাখাৰ উপদেষ্টা, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য, সাহিত্য অকাডেমিৰ বঁটা প্ৰাপক ডঃ দীপক কুমাৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।
সভাত কামৰূপ মহানগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি হাছিম আলীয়ে সন্মানীয় অতিথি হিচাপে ভাগ লৈ চমু ভাষণ প্ৰদান কৰে । সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক উত্তম কুমাৰে প্ৰতিষ্ঠা দিবসৰ লগত সংগতি ৰাখি প্ৰকাশিতন স্মৃতিগ্রন্থখন উন্মোচন কৰে। সভাত গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা সন্থাৰ সদস্য , অধিবক্তা অৰুণ চন্দ্ৰ কুমাৰক সন্থাৰ ফালৰ পৰা ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা হয়।

No comments